Advertisement

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব মহাদেৱৰ সুউচ্চ মূৰ্তি৷ নলবাৰী খাৰঝাৰা আশ্ৰমৰ নিচেই কাষতে নিৰ্মীয়মাণ অৱস্থাত আছে ৯১ ফুট উচ্চতাৰ উত্তৰ–পূব ভাৰতৰ সূউচ্চ এই মূৰ্তিটো৷ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ উদ্যোগত নিৰ্মীয়মাণ অৱস্থাত থকা বৃহৎ শিৱমূৰ্তিটো ৰাইজৰ বাবে মুকলি কৰা হব মহাশিৱৰাত্ৰিৰ দিনটোতে৷

মহাদেৱৰ এই সুউচ্চ মূৰ্তিটোৰ তলতে এইবাৰ জাক–জমকতাৰে অনুষ্ঠিত হ’ব শিৱৰাত্ৰি৷ আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱাই আনুস্থানিকভাৱে মুকলি কৰিবলগীয়া এই শিৱ মূৰ্তিটোত বৰ্তমানলৈকে ৩২ লাখ টকা খৰচ হৈছে যদিও আৰু ৬–৭ লাখ টকাৰ কাম বাকী থকাৰ কথা সদৰি কৰিলে উদ্যোক্তাসকলে৷

উক্ত শিৱ মূৰ্তিটো উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত সু-উচ্চ আৰু ভাৰতবৰ্ষৰ ভিতৰত ষষ্ঠ স্থানত থকাৰ কথাও জনালে উদ্যোক্তা সকলে৷ ইফালে মূৰ্তিটো মুকলিৰ পিছতেই পৰ্যটনৰ ক্ষেত্ৰতো এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Shahnawaz Hamza

Related