22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

দুদিনীয়া ভ্ৰমণসূচীৰে অ’লাফ শ্ব’লজ নতুন দিল্লীত উপস্থিত

Assamese Newsদুদিনীয়া ভ্ৰমণসূচীৰে অ'লাফ শ্ব'লজ নতুন দিল্লীত উপস্থিত
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত জার্মান চেঞ্চেলৰ অ’লাফ শ্ব’লজক আদৰণি জনায়। চেঞ্চেলৰ গৰাকীক আদৰণি জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰত আৰু জাৰ্মানীৰ উমৈহতীয়া প্ৰমূল্য আৰু লক্ষ্যৰ আধাৰত গঢ়ি উঠা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। তেওঁ লগতে কয় যে দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা দ্বি-পাক্ষিক সম্পৰ্কই বহুবছৰ জুৰি দেশ দুখনৰ মাজত থকা পাৰস্পৰিক বিশ্বাসকেই প্ৰতিফলিত কৰে। ৰাষ্ট্ৰপতিয়ে লগতে কয় যে ভাৰত আৰু জাৰ্মানীয়ে গণতান্ত্ৰিক প্ৰমূল্যক উন্নত কৰাৰ লগতে নীতি আধাৰিত আন্তঃৰাষ্ট্ৰীয় শৃংখলা, বহুপাক্ষিকতাবাদ আৰু বহুপাক্ষিক অনুষ্ঠানসমূহৰ সংস্কাৰৰ ক্ষেত্ৰত একেই উদ্দেশ্য পোষণ কৰে। তেওঁ কয় যে দুখন বহুত্ববাদী গণতান্ত্ৰিক দেশ ভাৰত আৰু জাৰ্মানীয়ে নতুন গোলকীয় প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।
এই ভ্ৰমণকালত চেঞ্চেলৰগৰাকীৰ সৈতে জ্যেষ্ঠ বিষয়াসকল আৰু ব্যৱসায়ীৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিবর্গ থাকে। ইয়াৰপূৰ্বে শ্রী শ্ব’লজক ৰাষ্ট্ৰপতিভৱনত আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হয়। অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ উপস্থিত থাকে। চেঞ্চেলৰগৰাকীয়ে সাংবাদিকৰ আগত এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে। শ্ৰী শ্ব’লজ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ উন্নয়নৰ সৈতে জড়িত বিষয়সমূহ তথা বিশ্ব শান্তিৰ বিষয়েও আলোচনাত মিলিত হয়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চেঞ্চেলৰ শ্ব’লজে দ্বিপাক্ষিক, ক্ষেত্ৰীয় আৰু গোলকীয় বিষয়ত আলোচনাত মিলিত হয়। নেতা দুগৰাকীয়ে লগতে দুয়োপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ব্যৱসায় প্রতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে। ২০১১ চনত দ্বি-বার্ষিক আন্তঃচৰকাৰী পৰামৰ্শ ব্যৱস্থা আৰম্ভ হোৱাৰ পাছত এয়া হৈছে জার্মান চেঞ্চেলৰৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ভাৰত আৰু জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্ব মূল্যবোধ, বিশ্বাস আৰু উমৈহতীয়া বুজাবুজি ওপৰত আধাৰিত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!