জনপ্ৰিয় ইউটিউবাৰ দেৱৰাজ পেটেলৰ পথ দুৰ্ঘটনাত মৃত্যু

জনপ্ৰিয় ইউটিউবাৰ দেৱৰাজ পেটেলৰ পথ দুৰ্ঘটনাত মৃত্যু

ছত্তীশগড়ৰ বিখ্যাত ইউটিউবাৰ তথা কৌতুক অভিনেতাজনে ৰায়পুৰত এটা ভিডিঅ’ শ্বুট কৰিবলৈ গৈছিল।

তথ্য অনুসৰি, সোমবাৰে আবেলি প্ৰায় ৩ বাজি ৩০ মিনিটত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত পেটেলে পিলিয়নত যাত্ৰা কৰি আছিল। এজন বিষয়াই কয় যে, ইউটিউবাৰজন এটা ভিডিঅ’ চিত্ৰগ্ৰহণ কৰি নৱ ৰায়পুৰৰ পৰা উভতি আহি আছিল। আহি থাকোতে বাটত তেওঁক এখন ট্ৰাকে খুন্দা মাৰিছিল যাৰ ফলত তেওঁ মূৰ আৰু শৰীৰৰ অন্যান্য অংশত গুৰুতৰ আঘাত পাইছিল।

এই দুৰ্ঘটনাটো তেলিবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত লাভান্দিহ অঞ্চলৰ সমীপত সংঘটিত হৈছিল।এজন বিষয়াই কয় যে, ইউটিউবাৰ দেৱৰাজ পেটেলৰ মটৰচাইকেলখনৰ হেণ্ডেলে একেটা দিশতে গৈ থকা ট্ৰাকখনত খুন্দা মাৰিছিল আৰু পিলিয়নত উঠি থকা পেটেল গধুৰ বাহনখনৰ পিছফালৰ চকাৰ তললৈ সেমাই পৰিছিল।

GTM Desk

Related