Navratri Day 7: সপ্তমটি দিনৰ দেৱী মা কালৰাত্ৰিৰ বিষয়ে সকলো জানক ইয়াতে

Navratri Day 7: সপ্তমটি দিনৰ দেৱী মা কালৰাত্ৰিৰ বিষয়ে সকলো জানক ইয়াতে
শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মাতৃ তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে।
​কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ(Navaratri puja vidhi)। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয় । কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়(Navaratri puja timing) ।
খ্ৰীষ্টপূৰ্ব ৩১৩৭-৩০৬৭-ৰ সময়ছোৱাত ৰচিত হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ সৌপ্তিকা পৰ্বত দেৱী কালৰাত্ৰিৰ উল্লেখ পোৱা যায় । এই আখ্যানমতে পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধত দ্ৰোণাচাৰ্যক চল কৰি বধ কৰা হয় । তেওঁৰ পুত্ৰ অশ্বত্থামাই ইয়াৰ পোতক তুলিবৰ বাবে যুদ্ধৰ নীতি ভংগ কৰি কুৰু শিবিৰত শুই হৈ থকা বিজয়ী পাণ্ডৱসকল বুলি ভাবি তেওঁলোকৰ পুত্ৰ পাঁ‌চোজনৰ শিৰশ্ছেদ কৰে । এই হত্যাকাণ্ডৰ ঠাইতে এডোখৰ ৰক্তবৰ্ণৰ বস্ত্ৰ পৰিধান কৰি ৰঙা পৰা চকুৰে খড়্গহস্ত বিকট ৰূপত কালৰাত্ৰিৰ আৱিৰ্ভাৱ হয় । কালৰাত্ৰিৰ এই বৰ্ণনাই যুদ্ধৰ বীভিষিকাময় নগ্ন স্বৰূপটোকে মূৰ্তমান ৰূপত প্ৰতিফলিত কৰে বুলি কোৱা হয় ।

কালৰাত্ৰি এগৰাকী হিন্দু দেৱী । তেওঁ নৱদুৰ্গাৰ অন্যতম আৰু দুৰ্গা দেৱীৰ সপ্তম শক্তি । কালৰাত্ৰি হৈছে দৃষ্টিৰ দেৱী । তেওঁৰ ছালৰ ৰং ডাঠ আন্ধাৰৰ দৰে ক’লা । মা কালৰাত্ৰি শ্যামল বৰণৰ । মাৰ ডিঙিত বজ্ৰপাতৰ হাৰ এটা দোল খাই আছে । মা কালৰাত্ৰি তৃণায়নী আৰু তেওঁৰ চকু দুটা বিশ্বব্ৰহ্মাণ্ডৰ দৰে ঘূৰণীয়া । তেওঁৰ উশাহ-নিশাহৰ লগে লগে ভয়ংকৰ শিখা নিৰ্গত হয় । কালৰাত্ৰিৰ বাহন হৈছে গর্দভ বা গাধ । লগতে মা কালৰাত্ৰিয়ে হাতত ত্ৰিশূল ধাৰণ কৰে । মা কালৰাত্ৰি দেখাত ভয়ংকৰ হ’লেও তেওঁক মংগলৰ দেৱী বুলি কোৱা হয় । তেওঁৰ অন্য এটি নাম হ’ল- সুভাংকৰিণী ৷ মা কালৰাত্ৰিয়ে অশুভ দমন কৰে, গ্ৰহৰ বাধা দূৰ কৰে আৰু ভক্তক অগ্নি, পানী, জীৱ-জন্তু, শত্ৰু আৰু ৰাতিৰ ভয়ৰ পৰা মুক্ত কৰে ।

ভোগ প্ৰসাদ

ভাগৱত পুৰাণ অনুসৰি দেৱী কালৰাত্ৰিয়ে চন্দ্ৰ আৰু মুণ্ডাৰৰ চুলিৰ মুঠি লৈ ধড়ৰ পৰা পৃথক কৰিছিল । চন্দ্ৰ আৰু মুণ্ডাক বধ কৰাৰ বাবে দেৱী কালৰাত্ৰিক চামুণ্ডা বুলিও জনা যায় । কালৰাত্ৰি পূজাত খাদ্য হিচাপে মাক খিচিৰি আগবঢ়াব লাগিব । এই দেৱীৰ প্ৰিয় ফুল হৈছে ৰক্তজবা । দেৱীৰ চৰণত ১০৮ টা জবা ফুলৰ সৈতে গন্থমালা আগবঢ়াব লাগে ।

নৱপাত্ৰিক পূজাৰ পিছত এই নিয়মবোৰ মানি চলিব লাগিব

১) গা ধুই নতুন বা পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে ।

২) তাৰ পিছত দেৱীৰ মূৰ্তি স্নান কৰা ।

৩) বগা জেচমিন আৰু যিকোনো নীলা ৰঙৰ ফুল দেৱীক আগবঢ়াই দিব ।

৪) এতিয়া ফল-মূল, মিঠাই আৰু ভোগ-সাধন আগবঢ়াওক ।

৫) দেৱীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিব লাগে ।

৬) হাতত ফুল লৈ মন্ত্ৰ জপ কৰা ।

৭) আৰতি কৰাৰ পিছত আপোনজন আৰু দুখীয়া মানুহৰ মাজত ফলমূল আৰু খাদ্য বিতৰণ কৰক ।

GTM Desk