স্বামীৰ সম্পত্তিত সমান অধিকাৰ আছে পত্নীৰ, মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

স্বামীৰ সম্পত্তিত সমান অধিকাৰ আছে পত্নীৰ, মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

স্বামীয়ে ক্ৰয় কৰা সম্পত্তিৰ সমান অধিকাৰ আছে বুলি ৰায়দান কৰে আদালতে। ন্যায়াধীশ কৃষ্ণন ৰামস্বামীয়ে স্বামী-স্ত্ৰীৰ সম্পত্তিৰ বিবাদ সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি এই কথা উল্লেখ কৰে। লগতে আদালতে এই সন্দৰ্ভত কয় যে , যিসকল পত্নীয়ে বছৰ বছৰ ধৰি ঘৰ এখন চলোৱাৰ লগতে পৰিয়ালৰ যত্ন লৈ আহিছে তেওঁলোক সম্পত্তিৰ অংশীদাৰিত্বৰ অধিকাৰী।

বিয়াৰ পাছত এগৰাকী মহিলাই স্বামী আৰু সন্তানৰ যত্ন ল’বলৈ চাকৰি এৰি দিয়ে। এয়া অন্যায়, ইয়াৰ ফলত মহিলা গৰাকীৰ কৰিব লগীয়া একো নাথাকে ।স্বামীৰ মৃত্যুৰ পাছত কনছালা আম্মাল নামৰ মহিলাগৰাকীয়ে স্বামীৰ সম্পত্তিৰ অংশ বিচাৰি আদালতত আবেদন কৰিছিল।

২০১৫ চনৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এই মন্তব্য কৰে । কনছলা আম্মাল নামৰ মহিলা গৰাকীয়ে স্বামীৰ সম্পত্তিৰ অংশ দাবী কৰিছিল। স্থানীয় আদালতে মহিলা গৰাকীৰ আবেদন খাৰিজ কৰিছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ শেহতীয়া এই ৰায়দান মতে, স্বামীৰ সম্পত্তিৰ ৫০ শতাংশৰ অধিকাৰী আছিল কনছলা আম্মাল ।

GTM Desk