#নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
#অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত এটা বাসগৃহ
#নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱৰ বাবা চাউদাঙৰ বাসগৃহত এই বিধ্বংসী অগ্নিকাণ্ড
#এই বিধ্বংসী অগ্নিকাণ্ডত ছাগলী,হাঁহ কুকুৰা লগতে বৃহৎ পৰিমাণৰ সা-সম্পত্তি জাহ যায়।
#অগ্নিকাণ্ডৰ সূত্ৰপাত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
#অগ্নিকাণ্ড সংঘটিত হোৱা সময়ছোৱাত বাবা চাউদাংৰ ঘৰৰ সকলো লোক সমীপতে অনুস্থিত জয়মতী স্মৃতি দিৱস অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল।
#ঘটনাস্থলীত গেলেকী আৰক্ষী থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্ট চলোৱা পৰিলক্ষিত হৈছে।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট ।।