নাজিৰাৰ মানৱ দৰদী এজন চিকিৎসকৰ বিশেষ সফলতা

নাজিৰাৰ মানৱ দৰদী এজন চিকিৎসকৰ বিশেষ সফলতা


নাজিৰাৰ প্ৰদীপ চন্দ্ৰ গগৈ নামৰ এজন চিকিৎসকে চিকিৎসা বিজ্ঞানলৈ আনিছে আশাৰ বতৰা। চেপন চূণপুৰা পথত অৱস্থিত গগৈ চেম্বাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াই অহা প্ৰদীপ চন্দ্ৰ গগৈয়ে বৃক্ক ৰোগত আক্ৰান্ত ৰোগীক সম্পূৰ্ণৰূপে ৰোগ মুক্ত কৰি সুস্থ কৰি তুলিছে বুলি আৰোগ্য হোৱা ব্যক্তি সকলে জানিবলৈ দিয়ে।

বিগত বহু বছৰ ধৰি স্থানীয় ৰাইজক চিকিৎসা সেৱা আগবঢ়াই অহা লগতে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি অহা চিকিৎসক প্ৰদীপ গগৈৰ ঘৰ নাজিৰাৰ গড়গাঁৱত । দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভুগি থকা লক্ষিমপুৰৰ বিহপুৰীয়াৰ এজন ব্যক্তিয়ে চিকিৎসক প্ৰদিপ চন্দ্ৰ গগৈৰ চেম্বাৰত চিকিৎসা কৰি সম্পূৰ্ণ ৰূপে সুস্থ সৈ উঠিছে বুলি জানিবলৈ দিয়ে।

সুদূৰ লক্ষীমপুৰৰ পৰা আহি শিৱসাগৰ জিলাৰ নাজিৰাত আশাসুলভ চিকিৎসা লাভ কৰাত স্বাভাৱিকতে আনন্দিত হৈ উঠিছে ৰোগীৰ লগতে পৰিয়াল তথা অভিভাৱক সকল । ডাক্তৰ প্ৰদীপ চন্দ্ৰ গগৈয়ে তেখেতৰ গৱেষনাৰে চিকিৎসা বিজ্ঞানত লাভ কৰা এই বিশেষ সফলতাই সম্প্ৰতি মানৱ সমাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

GTM Desk

Related