নাজিৰা নগৰৰ ৱাড নং ১০ ত নাজিৰাৰ সংহত শিশু উন্নয়নৰ প্ৰকল্পৰ সৌজন্যত CBE উদযাপন
নাজিৰাৰ লখিমী আলিৰ ১০নং ৱাডত নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত নাজিৰা নগৰৰ ৱাড নং ১০(খ) অঙ্গনৱাড়ী কেন্দ্ৰত আজি সামূহিক সজাগতা সভা (CBE) উদযাপন কৰে।
চৰকাৰী অধিসূচনা অনুসৰি সকলো অঙ্গনৱাড়ী কেন্দ্ৰত মাহত দুটাকৈ দিনত এনেদৰে CBE উদযাপন কৰা হয়।
আজি নাজিৰা নগৰৰ ৱাড নং ১০(খ) অঙ্গনৱাড়ী কেন্দ্ৰত প্ৰথম CBE হিচাপে এটি শিশুক অন্নপসন খোৱা পৰ্ব পালন কৰে আৰু লগতে শিশু সকলৰ পৰিপূৰক খাদ্যৰ ওপৰত আলোকপাত কৰে।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।