জনজাতীকৰনৰ দাবীৰে নাজিৰাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী

জনজাতীকৰনৰ দাবীৰে নাজিৰাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী

ৰংঘৰৰ আলোক সজ্জা সম্পৰ্কটো প্ৰতিক্ৰিয়া ব্যক্ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ

ঐতিহাসিক চেৰেকাপাৰ আতন বুঢ়াগোঁহাই ক্ষেত্ৰৰ পৰা গড়গাঁৱৰ কাৰেং ঘৰৰ বাকৰিলৈকে মটৰ চাইকেল ৰেলীৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী। আহোম জনগোষ্ঠীৰ জনজাতীকৰনৰ দাবীৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্য্যসূচী। আহোম জনগোষ্ঠী সকলৰ দীৰ্ঘ দিনীয়া দাবী পূৰণ তথা আহোম জনগোষ্ঠী সকলৰ জনজাতীকৰনৰ অধিকাৰ প্ৰাপ্তিৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই জনাই অহা দাবী কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ লগতে নিৰ্বাচনৰ সময় কেৱল মাত্ৰ প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস প্ৰদান কৰি দায়িত্ব সামৰাৰ অভিযোগ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ।
সমান্তৰালকৈ চৰকাৰে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক “মন কি বাত” অনুষ্ঠানৰ বাবে যি ৰূপ সজ্জাৰে সজ্জিত কৰি উলিয়াইছে এই ক্ষেত্ৰত স্বাভাৱিকতে ক্ষুন্ন হৈ উঠিছে সদৌ তাই আহোম ছাত্ৰ সন্থা।তেওঁলোকৰ মতে ৰংঘৰত কৰা আলোক সজ্জা কেতিয়াও মানি লব নোৱাৰি লগতে চৰকাৰে ৰংঘৰৰ প্ৰকৃত সৌন্দৰ্য্য ম্লান কৰি ধৰ্মীয় আৰু ৰাজনীতি কৰাৰ দিশটো গ্ৰহণযোগ্য বিষয় নহয়।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

GTM Desk

Related