নগাঁৱৰ শালনাত আমনি- শালনা সংযোগী পথৰ দুৰৱস্থাৰ বাবে ৰাইজৰ উত্তাল প্ৰতিবাদ

নগাঁৱৰ শালনাত আমনি- শালনা সংযোগী পথৰ দুৰৱস্থাৰ বাবে ৰাইজৰ উত্তাল প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ কলিয়াবৰৰ শালনাত মঙলবাৰে আমনি-শালনা সংযোগী পথৰ দুৰৱস্থাৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে । শীঘ্ৰে পথ মেৰামতিৰ দাবীত পথ অৱৰোধতে ক্ষান্ত নাথাকি শতাধিক প্ৰতিবাদী জনতাই শালনা আৰক্ষী চকী ঘেৰাও কৰি অত্যাধিক বোজা কঢ়িওৱা ডাম্পাৰগৰাকীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ তৰে । উল্লেখ্য যে,শিল পৰিবাহী ডাম্পাৰৰ বাবে পথ বিধ্বস্ত হোৱাৰ অভিযোগ উত্থাপন কৰে বৃহত্তৰ অঞ্চলটোৰ ক্ষুব্ধ স্থানীয় ৰাইজে । কলিয়াবৰৰ আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শালনা সংযোগী ৰাজ্যিক ঘাইপথ চোৱাৰ দুৰৱস্থাই জীয়াতু ভোগাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক ।

দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে গড়কাপ্তানি বিভাগৰ পথটো । ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে । উল্লেখ্য যে, পথটোৰে চলাচল কৰা শিল পৰিবাহী ডাম্পাৰৰ বাবে পথটো বিধ্বস্ত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । পথটো মেৰামতিৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰি অহাৰ পিছতো কোনো কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।উপায়ন্তৰ হৈ মঙলবাৰে স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অত্যাধিক বোজা কঢ়িওৱা ডাম্পাৰৰ সকলো মালিকৰ বিৰুদ্ধে আৰক্ষী আৰু বন বিভাগক লিখিত অভিযোগ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। ইপিনে শালনা আৰক্ষী চকীত উপস্থিত হৈ লিখিত অভিযোগ দাখিল কৰাৰ সময়তে কৰ্তব্যৰত আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হয় স্থানীয় ৰাইজ ৷ দুয়োপক্ষৰ মাজতে তীব্ৰ বাদানুবাদৰ সৃষ্টি হোৱাত পৰিৱেশ উত্তাল হৈ পৰে ৷ প্ৰকৃতাৰ্থত ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি আওকাণ কৰি পুঁজিপতি বণিক গোষ্ঠীৰ পক্ষত থিয় দিয়া আৰক্ষীৰ এনে ভূমিকাক ৰাইজে ধিক্কাৰ দিছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk