নাজিৰা মেকিপুৰ লিগিৰীপুখুৰী সংযোগী ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মটৰ চাইকেল আৰোহী মনোৰঞ্জন মৰাণ
টেইলাৰ আৰু মটৰ চাইকেল আৰোহী মাজত মুখামুখি সংঘৰ্ষ, টেইলাৰ চালক পলাতক
শিৱসাগৰৰ নাজিৰা মেকিপুৰ লিগিৰীপুখুৰী সংযোগী চাহ বাগিছা মাজৰ শূণ্য ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা | মেকিপুৰ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত টেইলাৰ AS 01 JC 5077 আৰু চুপাৰ স্পেণ্ডাৰ AS 04 W 6241ৰ মাজত মুখামুখি সংঘৰ্ষ হয় | থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী মনোৰঞ্জন মৰাণ | স্থানীয় ৰাইজৰ তৎপৰতাত এম্বুলেঞ্চ জৰিয়তে লিগিৰীপুখুৰীস্থিত অসামৰিক চিকিৎসালয় লৈ তেওঁক নিয়া হয় | মনোৰঞ্জন মৰাণ এগৰাকী শিক্ষক, ঘৰ গেলেকী মৰাণ গাঁৱত বুলি জানিব পৰা গৈছে | পৰৱৰ্তী ক্ষণত নাজিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ টেইলাৰ সহ মটৰ চাইকেল খন জব্দ কৰে | আনহাতে দুৰ্ঘটনাগ্ৰস্থ মনোৰঞ্জন মৰাণক চিকিৎসকে মৃত ঘোষণা কৰিছে | টেইলাৰ চালক বৰ্তমান পলাতক | যদিও টেইলাৰ চালকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে |
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট