Advertisement

ডিঙিত পৰা ক’লা দাগ নিৰ্মূল কৰাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ পঢ়ক

ডিঙিত পৰা ক’লা দাগ নিৰ্মূল কৰাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ পঢ়ক

আমি সকলোৱেই মুখ বা ছালৰ যত্ন লওঁ ঠিকেই , কিন্তু সততে মানুহৰ চকুত পৰা ডিঙিৰ অংশৰ যত্ন কিমানে লয় ? বহুতেই ডিঙিৰ পৰিচৰ্যা নকৰাৰ ফলত ডিঙিৰ কোনো অংশ ক’লা পৰি যোৱা দেখা যায় । যি মানুহৰ সৌন্দৰ্যত বেয়া প্ৰভাৱ পেলায় । দেখিবলৈ কুৎসিত লগা এই ক’লা দাগৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা দিহাৰ কথা আজি এই প্ৰতিবেদনত আমি আলোচনা কৰিম ।

ডিঙি ক’লা পৰাৰ প্ৰধান কাৰণ হৈছে ডিঙিত জমা হোৱা ময়লা অথবা ছালৰ মৃত কোষ । এই মৃত কোষ অথা ময়লাসমূহ ঘৰুৱা পদ্ধতিৰে চাফা কৰিব পাৰি ।

দৈ অথবা নেমুৰ প্ৰতিকাৰ :

প্ৰথমে দুই চামুচ দৈ লৈ তাত এচামুচ নেমুৰ ৰস মিহলাই এক মিশ্ৰণ তৈয়াৰ কৰি লওঁক । ইয়াৰপিছত ডিঙিৰ ক’লা পৰা অংশত ঘহি প্ৰায় ১৫ মিনিট সময় ৰাখিব লাগে । অৰ্থাৎ মিশ্ৰণখিনি শুকোৱাৰ পিছত ঠাণ্ডা পানীৰে পৰিষ্কাৰকৈ ধুই পেলাব লাগে ।

cde09880 f294 480c b013 6720f1abb98eca99a019a379198e1f baking soda science

বেকিং চোডা ব্যৱহাৰ :

কিছু পৰিমাণে বেকিং চোডা লৈ অলপ পানী দি এটা পেষ্ট তৈয়াৰ কৰি ল’ব লাগে আৰু দাগ পৰা অংশত লগাই প্ৰায় ১৫ মিনিট সময় ৰাখিব লাগে । পিছত অলপ গৰম পানীৰে পৰিষ্কাৰকৈ ধুই দিব লাগে । অৱশ্যে ধোৱাৰ পিছত অলপ ময়েশ্চাৰাইজাৰ ঘহিব লাগে ।

black himalayan salt 1200x628 facebook

ক’লা নিমখ ব্যৱহাৰ :

গা ধোৱাৰ আগত এটুকুৰা ক’লা নিমখ লৈ ডিঙিৰ ক’লা পৰা অংশত মালিচ কৰিব লাগে । এনেদৰে লাহে লাহে মালিচ কৰাৰ পিছত ধুই পেলাব লাগে । গা ধোৱাৰ পিছত ক’লা দাগ টুকুৰাত অলপ ময়েশ্চাৰাইজাৰ লগাবলৈ পাহৰিব নেলাগে । এই পদ্ধতিত ক’লা দাগ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে ।

How to make Best Turmeric Paste

বেচন অথবা হালধীৰ পেষ্ট :

দুই চামুচ বেচন, এচামুচ হালধী , আধা চামুচ নেমুৰ ৰস আৰু অলপ গোলাপ জল মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে । পিছত দাগ পৰা অংশত লগাই প্ৰায় ১৫ মিনিট সময় ৰাখি গৰম পানীৰে ধুই দিব লাগে । সপ্তাহত অন্তত দুবাৰ এই পদ্ধতি ব্যৱহাৰ কৰিলে নিশ্চয়কৈ আপোনাৰ এই সমস্যা নিৰ্মূল হ’ব ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো প্ৰচলিত তথ্যৰ ওপৰত আধাৰিত । কেতিয়াবা এই সমস্যা অন্য ৰোগৰো লক্ষণ হ’ব পাৰে । তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত প্ৰয়োজন ।

Shahnawaz Hamza

Related