নতুন আদিবাসী সংগঠন ‘আজকাপা’ৰ জন্ম

1 min read

মৰিগাঁও জিলাৰ নেলী আৰু নগাঁও জিলাৰ আমচৈ চাহ বাগিচাৰ আদিবাসী যুৱক তথা সমাজ সংগঠক লক্ষীকান্ত গোৱালা আৰু আৰিয়ান চনা তাঁতীৰ আহ্বান ক্রমে অসমৰ আদিবাসীসকলৰ সৰ্বাত্মক কল্যাণৰ উদ্দেশ্যে ১৬ ছেপ্টেম্বৰত আমচৈ চাহ বাগিচাৰ দক্ষতা বিকাশ কেন্দ্ৰৰ সভা কক্ষত অসমৰ বিভিন্ন জিলাৰ জিলা প্ৰতিনিধিসকলৰ উপস্থিতিত বিশিষ্ট আদিবাসী সমাজ সেৱক ভাগ্যধৰ তাঁতীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

এই সভাত অসমৰ সমগ্ৰ আদিবাসী লোকসকলক লৈ নতুনকৈ ‘সদৌ অসম আদিবাসী জনকল্যাণ পৰিষদ’ বা চমুকৈ ‘আজকাপা’ নামেৰে সংগঠন এটিৰ জন্ম হয়। নতুনকৈ জন্ম গ্ৰহণ কৰা এই সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব লক্ষীকান্ত গোৱালা আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব আৰিয়ান চনা তাঁতীক অর্পণ কৰি ৩১ জনীয়া সদস্য/সদস্যাৰে কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়।

সম্পূৰ্ণ আদিবাসী লোকৰ কল্যাণৰ উদ্দেশ্যে গঠন কৰা অৰাজনৈতিক এই সংগঠনৰ মুখ্য কাৰ্যালয় স্থায়ীভাৱে মৰিগাঁও জিলাৰ নেলীত স্থাপন কৰা হ’ব। এই সংগঠনৰ নতুনকৈ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা লক্ষীকান্ত গোৱালাই সভাত ঘোষণা কৰা অনুযায়ী অচিৰেই অসমৰ সকলো জিলা আৰু মহকুমাত ‘আজকাপা’ৰ শাখা কাৰ্যালয় স্থাপন কৰা হ’ব। এই সংগঠনে অসমৰ সকলো আদিবাসীৰ পৰা দিহা-পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছে।

You May Also Like

More From Author