Advertisement

শনিবাৰে প্ৰকাশ পাব ক’ভিডৰ নতুন নিৰ্দেশনা: উপায়ুক্তৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

শনিবাৰে প্ৰকাশ পাব ক’ভিডৰ নতুন নিৰ্দেশনা: উপায়ুক্তৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

শনিবাৰে প্ৰকাশ পাব ৰাজ্যৰ ক’ৰ’না প্ৰতিৰোধৰ নতুন নিৰ্দেশনা। তাৰ পূৰ্বে আজি প্ৰত্যেক জিলা উপায়ুক্তৰ সৈতে ভিডিঅ’ কন্‌ফাৰেন্সত দীঘলীয়া বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নতুন এছঅ’পি সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব উপায়ুক্ত সকলৰ পৰা। এই কথা বৃহস্পতিবাৰে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

গোলাঘাট, বিশ্বনাথৰ শেহতীয়া পৰিৱেশক লৈ উদ্বিগ্ন চৰকাৰ। তাৰ তুলনাত কাছাৰ, ডিব্ৰুগড়  তিনিচুকীয়াৰ পৰিৱেশ পূৰ্বতকৈ উন্নত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় – ক’ৰ’নাৰ মূল ঘাটিসমূহ চিনাক্ত কৰা হৈছে। ২২০টা ঘাটি চৰকাৰৰ চকুত পৰিছে। উপায়ুক্তসকলে লক্‌ডাউন দিয়াৰ পৰিৱৰ্তে মূল ঘাটি সমূহত কন্টেইনমেণ্টজ’ন ঘোষণা কৰি নিয়ন্ত্ৰণ কৰিব পাৰিলেও কামখিনি হ’ব”।

ইফালে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি ক’ভিড আক্রান্তৰ হাৰ হ্ৰাস পোৱা জিলাসমূহত আৰু অধিক শিথিল কৰা হ’ব ক’ভিড নিৰ্দেশনা।

Shahnawaz Hamza