গোসাঁইগাঁৱৰ চাহ বাগিচাত উচ্ছেদ অভিযান , আৰক্ষী – অৰ্ধ সামৰি বাহিনী সষ্টম
গোসাঁইগাঁও মহকুমাৰ পলাশগুৰি – জীয়াডাঙ্গা গাঁৱত উচ্ছেদ অভিযান।আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে চলায় উচ্ছেদ। চৰকাৰী মাটিত অবৈধ ভাৱে চাহ বাগিচা কৰাৰ অপৰাধত উচ্ছেদ চলায় প্ৰশাসন। ২০০৯ চনৰ পৰাই চাহ বাগিচা কৰি আহিছে। ৩০৪ দাগৰ প্ৰায় ৪৫০ বিঘা চৰকাৰী মাটিৰ ভিতৰত প্ৰায় ৩০০ বিঘা চৰকাৰী মাটিত ছাত্তাৰ মিয়াৰ চাহ বাগিচা। অবৈধ ভাৱে চাহ বাগিচা কৰাত বিটিচি চৰকাৰে আজি এই উচ্ছেদ চলায়। বাগিচাখনৰ মালিকৰ ঘৰ দুৱাৰ ভাঙি দিয়াৰ লগতে জে চি বি লগাই চাহ গছ, অন্যান্য গছ গছনি উভালি দিয়ে।উল্লেখ যে আব্দুছ ছাত্তাৰ মিঙয়া চাহ বাগিচা লগায়। পৰিত্যক্ত আৰু মৰুভূমি সদৃশ্য ঠাইত চাহ বাগিচাৰ খেতি কৰি কৰে।উল্লেখ যে বাগিচা খনত স্থানীয় দুই শতাধিক আদিবাসী পৰিয়াল কাম কৰি জীৱন নিৰ্বাহ কৰিছে।