24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসক আন্ত:ৰাষ্ট্ৰীয় দূৰ্নীতি বিৰোধী বঁটা

Assamese Newsনাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসক আন্ত:ৰাষ্ট্ৰীয় দূৰ্নীতি বিৰোধী বঁটা

” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসমৰ ” য়ে প্ৰতি বছৰে ৯ ডিচেম্বৰ দিনটোত পালন কৰি অহা আন্ত:ৰাষ্ট্ৰীয় দূৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন জনে নিজৰ কৰ্মক্ষেত্ৰত সামাজিক দায়বদ্ধতা , নিষ্ঠা , সমাজহিতৈষী মনোভাৱৰ বাবে সামাজিক কৃৰ্তজ্ঞতা স্বৰূপে ৰাজ্যিক আৰু জিলা ভিত্তিত আন্ত:ৰাষ্ট্ৰীয় দূৰ্নীতি বিৰোধী বিশেষ বঁটা প্ৰদান কৰি আহিছে । ইয়াৰ অংশ স্বৰূপে কৰ্মৰ প্ৰতি দায়বদ্ধতা , শূণ্যসহনশীলত নীতি তথা আপোচহীন স্থিতিৰে সামাজিক ব্যাধিস্বৰূপ দূৰ্নীতিৰ বিৰুদ্ধে সৱল পদক্ষেপ গ্ৰহণ কৰা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসক ” জিলা ভিত্তিত আন্ত:ৰাষ্ট্ৰীয় বঁটা আগবঢ়ায় । উক্ত দিনা কৰ্মক্ষেত্ৰত ব্যস্থতাৰ বাবে দাসে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ হেতুকে আজি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ কক্ষত সংগঠনটোৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক এই বঁটা প্ৰদান কৰে । ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম ” ৰ কৰ্মকৰী সভাপতি বাবুল বৰুৱা , শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুনিল গগৈ , নাজিৰা আঞ্চলিক সমিতিৰ সম্পাদক বিতুল গগৈ , সহকাৰী সম্পাদক বসন্ত গগৈকে ধৰি ভালেকেইজন বিষয় – ববীয়াৰ উপস্থিতিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱেন দাসক এই বঁটা প্ৰদান কৰে ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!