মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মহানুভৱতা। নিজৰ ব্যাক্তিগত ধনেৰে নিৰ্মাণ কৰি দিলে নলবাৰীৰ খাতিকুছি শ’লগুৰি সত্ৰৰ মূল তোৰণ। মন্ত্ৰীগৰাকীক ধন্যবাদ জনালে গাঁওবাসীয়ে

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মহানুভৱতা। নিজৰ ব্যাক্তিগত ধনেৰে নিৰ্মাণ কৰি দিলে নলবাৰীৰ খাতিকুছি শ’লগুৰি সত্ৰৰ মূল তোৰণ। মন্ত্ৰীগৰাকীক ধন্যবাদ জনালে গাঁওবাসীয়ে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মহানুভৱতাৰ ফলত হাঁহি বিৰিঙি উঠিছে নলবাৰীৰ খাতিকুছিস্থিত ঐতিহাসিক শলগুৰি সত্ৰৰ ভক্ত সমাজৰ মুখত। ভক্তসকলে মনত পুঁহি ৰখা এক দীৰ্ঘদিনীয়া সপোন মন্ত্ৰী বৰুৱাৰ বাবে কম দিনৰ ভিতৰতে বাস্তৱ ৰূপ পাব আৰু ইয়াকে লৈ ভক্ত সমাজে একেমুখ তেওঁৰ কৰ্মদক্ষতাক প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে কাতি বিহুৰ দিনটোত মন্ত্ৰী বৰুৱা সত্ৰৰ পথৰে এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সত্ৰখনৰ আইমাতৃসকলে মন্ত্ৰী বৰুৱাক সাক্ষাৎ কৰি সত্ৰখনৰ প্ৰৱেশ পথত এখন তোৰণ নিৰ্মাণৰ দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ কথা অৱগত কৰিছিল। মন্ত্ৰী বৰুৱাই আইমাতৃসকলক সহাঁৰি জনোৱাত আইমাতৃসকলে দুই লাখ টকাৰ অনুদান কথা অৱগত কৰিছিল। মন্ত্ৰী বৰুৱাই এই টকাৰে তোৰণ নিৰ্মাণ সম্ভৱ নহয় বুলি জানি নিজৰ ব্যক্তিগত পুঁজিৰ পৰা মুঠ তিনি লাখ টকাৰ অনুদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছিল। অৱশেষত মন্ত্ৰী বৰুৱাই এই পুঁজি আইমাতৃসকলৰ হাতত অৰ্পণ কৰাত শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব তোৰণখনৰ। মন্ত্ৰীজনৰ এই মহানুভৱতাৰ বাবে সত্ৰখনৰ ভক্ত সমাজে তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় কয়, ‘সঁচাকৈ আজি আমাৰ বাবে অতি গৌৰৱময় দিন। যোৱা কেইদিনমান আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এই পথেৰে গৈ আছিল এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। আমাৰ শলগুৰি সত্ৰত যি প্ৰৱেশ পথ, সন্মুখত এখন আটকধুনীয়া গেট নিৰ্মাণ কৰিবলৈ এই গাঁৱৰ আইমাতৃসকলে এক প্ৰচেষ্টা হাতত লৈছিল। মন্ত্ৰী মহোদয়ক আইমাতৃসকলে এক আবেদন জনাইছিল। মন্ত্ৰী মহোদয়ে কিমান টকা লাগিব সুধিছিল। আইমাতৃসকলে দুই লাখ টকাৰ কথা কৈছিল, কিন্তু মন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগত পুঁজিৰ পৰা তিনি লাখ টকাৰ অনুদান আগবঢ়াইছিল। আজি এই টকা আমি লাভ কৰিছো আৰু আইমাতৃসকলৰ প্ৰচেষ্টাত আজি এখন সুন্দৰ তোৰণ নিৰ্মাণ হ’ব। মন্ত্ৰী ডাঙৰীয়াৰ এই যি মহানুভৱতা সঁচাকৈয়ে আমি স্বীকাৰ কৰিব লাগিব। আমি ভগৱানৰ ওচৰত সেৱা জনাইছো, তেওঁৰ ৰাজনৈতিক জীৱন সুমধুৰ হওক।’ একদৰে সত্ৰখনৰ আইমাতৃসকলে কয়, ‘যোৱা কাতি বিহুৰ দিনটোত তেওঁ ইয়ালৈ এক অনুষ্ঠানত অংশ ল’বলৈ আহোতে আমি লগ কৰিলো। আৰ্থিক সমস্যাৰ কাৰণে গেটখনৰ নিৰ্মাণৰ কাম আগবঢ়াব পৰা নাই বুলি কৈছিলো আৰু তেওঁ লগে লগে হ’ব বুলি কৈ আমাক তিনি লাখ টকা দিম বুলি আশ্বাস দিছিল। সেই আশ্বাস পূৰণ কৰি আজি তেওঁ আমাক তিনি লাখ টকা দিলে। আশা কৰিছো তেওঁৰ এই সহায়ৰ বাবে গেটখনৰ শীঘ্ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব।’ লগতে আইমাতৃসকলে কয়, ‘এনেকুৱা জনপ্ৰতিনিধি আমাক লাগে। তেওঁ কাৰণে আজি এয়া সম্ভৱ হৈ উঠিছে। আগন্তুক দিনত শলগুৰি সত্ৰৰ আয়তী সমাজে তেওঁ আগুৱাই নিম। তেওঁ ইয়ালৈ আহিব বুলি আমি আশাবাদী। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জয়, ৰাইজৰ জয়।’

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.

Related