২০২৫ বৰ্ষত এই ৰাশিৰ জাতক-জাতিকাৰ হ’ব চাকৰিত পদোন্নতি কিন্তু স্বাস্থ্যৰ অৱনতি! কৰক এইকেইটা কাম, দূৰ হ’ব সমস্যা
মাজত মাত্ৰ কেইটামান দিন তাৰ পাছতে আহিব ইংৰাজী নৱবৰ্ষ। নতুন বছৰটো আপোনাৰ কেনেকৈ পাৰ হ’ব সেই সম্পৰ্কে জানিবলৈ নিশ্চয় আপোনাৰ মন যায়। আজি আমি জনাব বিচাৰিছোঁ কন্যা ৰাশি জাতক-জাতিকাৰ বাবে ২০২৫ বৰ্ষটো কেনেকুৱা। এই সম্পৰ্কে আমাক জানিবলৈ দিয়ে জ্যোতিষী ড০ কৰবী বেজবৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি,কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। খুউব নম্ৰ ৰাশি বুলি কোৱা হয় কন্যা ৰাশিক।
১) ২০২৫ বৰ্ষটো শিক্ষাৰ্থীৰ বাবে খুউব ভাল বছৰ হ’ব। যিসকলে উচ্চ শিক্ষাৰ কথা ভাবি আছে তেওঁলোকৰ ভাল হ’ব। শিক্ষাৰ লগত জড়িত যিবোৰ সমস্যা পাই আছে সেইবোৰ নাইকীয়া হ’ব।
২) আৰ্থিক দিশত কন্যা ৰাশি জাতক-জাতিকাৰ স্থিতি সবল হ’ব। মাৰ্চ মাহলৈকে চাকৰিত পদোন্নতি হ’ব পাৰে। ব্যৱসায়ত এটা মধ্যমীয়া বছৰ।
৩) প্ৰথম ৬ মাহ মানসিক অস্থিৰতা থাকিব পাৰে। প্ৰথম ৬ মাহত সফলতা পাব কিন্তু মনত সুখ লাভ নকৰিব।
৪) প্ৰেম সম্পৰ্কত পুৰণি যিবোৰ কাজিয়া সেইবোৰ নাইকীয়া হ’ব পাৰে। প্ৰেমৰ বাবে বছৰটো ভাল।
৫) সন্তানকলৈ প্ৰথম তিনি মাহ চিন্তা থাকিব পাৰে।
৬) বছৰৰ প্ৰথম ভাগত শাৰীৰিক কষ্ট পাব পাৰে যদিও পিছৰ ভাগত সেইখিনি নাইকীয়া হ’ব।জানুৱাৰীৰ পৰা জুন মানলৈ শাৰীৰিক অসুবিধা থাকিব পাৰে।
৭) বছৰৰ মাজ ভাগত অংশীদাৰী ব্যৱসায়ত লেহেমীয়া গতি হ’ব। যদিহে নতুন অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়া হ’লে বছৰৰ প্ৰথম ভাগত নাইবা শেষলৈ আৰম্ভ কৰিলে ভাল।
৮) সংগীৰ সৈতে মনোমালিন্য হ’ব পাৰে। দাম্পত্য জীৱনত, ব্যৱসায়ত বা ৰূমমেটৰ লগত মনোমালিন্য হ’ব পাৰে।
৯) প্ৰতিকাৰ হিচাপে শনিবাৰে অলপ চেনী আৰু ক’লা তিল পানীত মিহলী কৰি আঁহত গছৰ গুৰিত ঢালিব। প্ৰতি বুধবাৰে গাই গৰুক সেউজীয়া ঘাঁ বা শাক-পাচলি খোৱাব পাৰে।