নগাঁৱৰ বুক নুক কেফেট ৰাতুল কুমাৰ শ‌ইকীয়াৰ অনুবাদিত ‘ফৰাচী কবিতা’ কাব্যগ্ৰন্থ উন্মোচন

নগাঁৱৰ বুক নুক কেফেট ৰাতুল কুমাৰ শ‌ইকীয়াৰ অনুবাদিত ‘ফৰাচী কবিতা’ কাব্যগ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১৪জানুৱাৰী :–বৌদ্ধিক তথা গ্ৰন্থানুৰাগী লোকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা নগাঁও চহৰৰ “বুক নুক কেফে”ত আজি লেখক ৰাতুল কুমাৰ শইকীয়াৰ অসমীয়া ‘ফৰাচী কবিতা’ শীৰ্ষক এখন ফৰাচী কবিতাৰ অনুবাদ গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰি “বুক নুক কেফে”ৰ স্বত্বাধিকাৰী প্ৰশান্ত বৰাই কয় যে
সাহিত্যৰ কাৰণে এইটো এটা শুভ সংকেত যে অনুবাদ সাহিত্য‌ই অসমীয়া সাহিত্য পাঠকৰ ৰুচিৰ সূচীত আনিছে । ফৰাচী কবিতা অসমীয়ালৈ অনুবাদ পূৰ্বেও হৈছে । হয়তো হোমেন বৰগোহাঞিয়ে প্ৰথম ব’দ’লেৰৰ কেইটামান কবিতা অসমীয়ালৈ অনুবাদ কৰে। তাৰ পাছত অজিত বৰুৱা,দিলীপ বৰুৱাদেৱেও কিছু ফৰাচী কবিতা অসমীয়ালৈ অনুবাদ কৰে । এই ক্ষেত্ৰত এক ৰাতুল কুমাৰ শ‌ইকীয়াৰ অনুবাদত প্ৰকাশ পোৱা ফৰাচী কবিতা এক উল্লেখনীয় কাৰ্য হিচাপে বিবেচিত হ’ব । উনবিংশ শতিকাৰ ৰোমাণ্টিক কবি জেৰাৰ্ড ডে নেৰ্ভেলৰ পৰা ৰ’বাৰ্ট ডেচনচলৈ মুঠ ২৫ গৰাকী কবিৰ কবিতা গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছে । আন এগৰাকী উন্মোচক হিচাপে অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি ডা° প্ৰয়াগ শ‌ইকীয়াই নৱকান্ত বৰুৱাৰ প্ৰসংগ টানি আনি কয় যে মোৰ যেতিয়া কবিতা নাথাকে তেতিয়া মই আনৰ কবিতা লিখোঁ । অনুবাদৰ যোগেৰে এজন লেখক সমৃদ্ধ হয়। কাব্যগ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত লেখক ৰাতুল কুমাৰ শ‌ইকীয়াৰ উপৰি দুলাল বৰা,কবি কুমাৰ বিভূতিসহ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে । আনহাতে কবি কুমাৰ বিভূতিয়ে কাব্যগ্ৰন্থখনৰ জৰিয়তে ফৰাচী কবিতাৰ প্ৰতি অসমীয়া পাঠকৰ অনুৰাগ বঢ়াব বুলি আশা প্ৰকাশ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related