Air India ৰ বিমাত মাজ আকাশত প্ৰেমিকাক বিয়াৰ প্ৰস্তাব যুৱকৰ; ভাইৰেল ভিডিঅ’…

Air India ৰ বিমাত মাজ আকাশত প্ৰেমিকাক বিয়াৰ প্ৰস্তাব যুৱকৰ; ভাইৰেল ভিডিঅ’…

আপোনাৰ সংগীক বিয়াৰ বাবে প্ৰস্তাৱ দিয়াটো অতি বিশেষ মুহূৰ্ত! প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে তেওঁৰ প্ৰেম প্ৰকাশৰ ধৰণটো অতি মৰমলগা আৰু অনন্য হওক বা আনতকৈ বেলেগ হওক। এতিয়া ছ’চিয়েল মিডিয়াতো তেনে এক বিস্ময়কৰ আৰু ধেমেলীয়া প্ৰস্তাৱৰ ভিডিঅ’ও ভাইৰেল হৈছে। কিন্তু এইবাৰ যেতিয়া এজন ব্যক্তিয়ে মিড এয়াৰত প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিছিল, তেতিয়া যাত্ৰীগৰাকীৰ সৈতে তেওঁৰ প্ৰেমিকাও আচৰিত হৈছিল। কাৰণ প্ৰেমিকাই মাজ আকাশত বিয়াৰ প্ৰস্তাব পোৱাৰ কথা সপোনৰো অগোচৰ আছিল। আপুনিও কেতিয়াৱা, এনেকুৱা প্ৰস্তাৱ দেখিছে নেকি?

প্ৰেমিকাক প্ৰপ’জ কৰিবলৈ এজন যুৱকে সেই একেখন এয়াৰ ইণ্ডিয়াৰ বিমানতেই টিকট লৈছিল, যিখন বিমানত তেওঁৰ প্ৰেমিকাই যাত্ৰা কৰিছিল। বিমানখন যেতিয়া মিড এয়াৰত আছিল, তেতিয়া যুৱকজনে গোলাপী ৰঙৰ চাৰ্টপেপাৰ এখন লৈ প্ৰেমিকাৰ আসনৰ ওচৰ পালেগৈ। সেই চাৰ্ট পেপাৰখনত কিছুমান ছবি আঁকি দিয়া হৈছিল। ইয়াৰ লগতে এটা বাৰ্তাও লিখা হ’ল। প্ৰেমিকক দেখি ছোৱালীজনীয়ে থতমত খালে।

লগে লগে প্ৰেমিকাই নিজৰ আসন এৰি তেওঁৰ ওচৰলৈ গ’ল। ইয়াৰ পিছত যুৱকজনে আঁঠু লৈ তেওঁক বিয়াৰ প্ৰস্তাৱ দি আঙঠিটো পিন্ধাই দিলে। প্ৰেমিকাগৰাকীয়ে মৰমেৰে প্ৰেমিখ আবেগত সাৱটি ধৰিলে।

GTM Desk