পায়েল, প্ৰতীক্ষা, বিপ্লৱী, ঈশা…! মাত্ৰ ২৮ দিনত গুৱাহাটীৰ মাজ-মজিয়াত ৫গৰাকী যুৱতীয়ে নিজৰ জীৱন শেষ কৰি দিলে!
নিজকে শেষ কৰি দিয়াৰ কিয় এনে প্ৰৱণতা বৃদ্ধি পাইছে সমাজত? শেহতীয়া কৈ ৰাজধানী গুৱাহাটীত ঘটি যোৱা কেইটামান ঘটনাই চকু কপালত তুলিছে সাধাৰণ জনতাৰ। মানসিক ভাৱে ইমান দুৰ্বল হৈ ঘটি যোৱা কাণ্ডবোৰৰ উদাহৰণে চিন্তাত পেলাইছে খোদ গুৱাহাটী আৰক্ষীক।
সোমবাৰে গুৱাহাটীৰ মাজমজিয়াত এগৰাকী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ হ’ল, মৃত যুৱতীগৰাকী ধেমাজি জিলাৰ মাত্ৰ ২১ বছৰীয়া জন্মেশ্বৰী বসুমতাৰী। ঘটনাৰ খবৰ আহিছিল চানমাৰী আৰক্ষী থানা এলেকাৰ গান্ধীবস্তিৰ পৰা- ‘প্ৰেম প্ৰত্যাখ্যানৰ বাবেই যুৱতীৰ চৰম পন্থা’। কাহিনী ভয়ংকৰ, ধেমাজি জিলাৰ চিমেন চাপৰিৰ পৰা প্রেমিক ইন্দ্ৰজিতক লগ কৰিবলৈ গুৱাহাটীলৈ আহিছিল যুৱতী জন্মেশ্বৰী। কিন্তু প্ৰেমিকৰ প্ৰেম বাধাক সহ্য কৰিব নোৱাৰি ২৬ জানুৱাৰীত নিজকে শেষ কৰি দিলে এগৰাকী যুৱতীয়ে।
৩১ ডিচেম্বৰৰ পৰা ২৬ জানুৱাৰী পর্যন্ত ৫ গৰাকী যুৱতীয়ে গুৱাহাটীৰ ভাড়াঘৰতে নিজক শেষ কৰি দিয়াৰ ঘটনা পোহৰলৈ আহে। সৌ সিদিনা চানমাৰীৰ বিলাসী ফ্লেটত পায়েল শইকীয়া নামৰ ২৮ বছৰীয়া এগৰাকী যুৱতীয়ে প্রেমজনিত কাৰণত নিজকে শেষ কৰি দিবলৈ কুণ্ঠাবোধ নকৰিলে।
৯ জানুৱাৰীত ঘটনাৰ স্থান আছিল ভঙাগড় আৰক্ষী থানা এলেকাৰ তৰুণ নগৰ। প্ৰতীক্ষা শৰ্মা নামৰ এগৰাকী যুৱতীতে বিচাৰি লৈছিল ইচ্ছা-মৃত্যু। পিছদিনাই আহিছিল দিছপুৰ আৰক্ষী থানা এলেকাৰ ৰুক্মিণীগাৱঁৰ পৰা। বিপ্লৱী নাথ নামৰ যুৱতীগৰাকীয়ে বাছি লৈছিল চৰম পন্থা। চাঞ্চল্য বাঢ়ি গৈছিল গুৱাহাটীত। মাত্ৰ দুটা দিনত দুগৰাকী যুৱতীৰ চৰম সিদ্ধান্ত লোৱাৰ বাতৰি প্ৰকাশ পাইছিল।
১৩ জানুৱাৰীত খবৰ আহিছিল খ্ৰীষ্টানবস্তিৰ পৰা ঈশা ভৰালী নামৰ এগৰাকী যুৱতী কৰুণ মৃত্যুৰ বাতৰি। প্ৰেমজনিত কাৰণৰ সন্দেহ তদন্তকাৰী আৰক্ষীৰ কেচ ডায়েৰীত। দুই-এটা ঘটনাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট লাভ কৰিছে আৰক্ষীয়ে। নিশ্চিতি প্ৰকাশ কৰিছে আৰক্ষীয়ে ‘এয়া জীৱন শেষ কৰাৰ ইচ্ছা’।
ধাৰাবাহিক এনে ঘটনাই চিন্তা বঢ়াইছে অভিভাৱকসকলৰ। এইয়া কি মানসিক বেমাৰ? কি চিকিৎসা ব্যৱস্থাত শুধৰণি ঘটিব এনে প্ৰৱণতাৰ? গুৱাহাটীৰ এনে ঘটনাক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰতিক্ৰিয়া।