26 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

NIAৰ গোচৰত জামিন লাভ কৰিয়েই অখিল গগৈৰ হুংকাৰ

Assamese NewsNIAৰ গোচৰত জামিন লাভ কৰিয়েই অখিল গগৈৰ হুংকাৰ

NIA ৰ গোচৰত জামিন লাভ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । দেশৰ উচ্চতম ন্যায়ালয়ে গগৈৰ স্থায়ী জামিন মঞ্জুৰ কৰিছে । CAA আন্দোলনৰ সময়তে তেওঁৰ বিৰুদ্ধে এই গোচৰ তৰা হৈছিল । পিছত নিয়াৰ আদালতে বিধায়কগৰাকীক এই গোচৰৰ পৰা মুক্তি দিছিল ।

কিন্তু বিগত মাহত পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰ আৰম্ভ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে । ইয়াৰ পিছত অখিল গগৈয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু আজি জামিন মঞ্জুৰ হয় । “ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নিয়াই (NIA) যিকোনো প্ৰকাৰে মোক আকৌ চক্ৰবেহুত ভৰাব বিচাৰিছিল, জেলত ভৰাব বিচাৰিছিল ৷ কিন্তু বিফল হ’ল ।”
জামিন লাভৰ খবৰ পাই আজি শিৱসাগৰত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে । তেওঁ আৰু কয়- “এতিয়াৰে পৰা অধিক শক্তিশালী ৰূপত বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হ’ব পাৰিম । মোৰ ভয় নাইকিয়া হ’ল ।

“মোক ফচাব নোৱাৰিব । এই সমস্যা শেষ হল ।” তেওঁ লগতে অসমবাসীৰ বাবে অধিক দৃঢ়তাৰে কাম কৰি যাব বুলি উল্লেখ কৰে । ইয়াৰ উপৰিও অখিল গগৈয়ে কেতিয়াও আপোচ কৰা নাছিল আগলৈয়ো নকৰে বুলি মত প্ৰকাশ কৰে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!