ঘৰলৈ যাব পাৰিব অখিল গগৈ, NIA আদালৰ অনুমতি

ঘৰলৈ যাব পাৰিব অখিল গগৈ, NIA আদালৰ অনুমতি

দুদিনৰ বাবে যোৰহাটৰ গৃহত গৈ মাতৃ আৰু পুত্ৰক সাক্ষাত কৰাৰ অনুমতি বিধায়ক অখিল গগৈক ৷ শুকুৰবাৰে এই অনুমতি প্ৰদান কৰিছে NIA আদালতে ৷ অখিল গগৈয়ে এতিয়া নিজৰ সুবিধা মতে মাতৃ আৰু পুত্ৰক লগ কৰিবলৈ  দুদিনৰ বাবে যাব পাৰিব যোৰহাটৰ ঘৰলৈ। উল্লেখ্য যে, শেহতীয়াকৈ অখিল গগৈয়ে মাতৃ আৰু নিজৰ পুত্ৰক লগ কৰাৰ অনুমতি বিচাৰি আদালতত কৰিছিল আবেদন।

ইফালে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও পুত্ৰ মুখ খন এবাৰ চাবলৈ বহু সময়ত আগ্ৰহ প্ৰকাশ কৰি আহিছিল। বিধানসভা নিৰ্বাচনৰ সময়ত অসুস্থ দেহাৰেই পুত্ৰ অখিলৰ হৈ শিৱসাগৰত প্ৰচাৰ অভিযান চলোৱা মাতৃগৰাকীৰ এই আহ্বান যেন অৱশেষত শুনিলে আদালতে। ইফালে কিছুদিন পূৰ্বে শাৰীৰিক ভাবে অসুস্থ হৈ পৰিছিল অখিল গগৈৰ পুত্ৰ নাচিকেতাও।

GTM Desk

Related