নিশা কাম কৰা লােকৰ হ’ব পৰা ৰােগ !

1 min read

বিশ্বায়নৰ যুগত সকলাে ঠাইতে চলিছে দিনে-নিশাই কাম কৰাৰ ঢৌ । নিশা বিশেষকৈ জৰুৰীকালীন সেৱাত নিয়ােজিত লােকসকলে নিশা কর্তব্য পালন কৰিবলগীয়া হয়।

কেতিয়াবা দিনত আৰু আৰু আন কেতিয়াবা নিশা কর্তব্য পালন কৰিবলগীয়া হােৱা বাবে শাৰীৰিক-মানসিক সমস্যাই গা কৰি উঠে। নিশা দুপৰলৈকে কর্তব্য সম্পাদন কৰিবলগীয়া হােৱা বাবে শৰীৰটোৱে কিছুমান পৰিস্থিতিৰ স’তে সহাৱস্থান কৰিব নােৱাৰা হয়।

সেয়েহে এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সতর্কতা অৱলম্বন কৰিবই লাগিব। সাধাৰণতে নিশা কর্তব্য সম্পাদন কৰা লােকসকলৰ যিবােৰ সমস্যাই গা কৰি উঠে। সেইবােৰৰ ভিতৰত অন্যতম হ’ল—

নিশা কাম কৰা (নাইট শ্বিফট) লােকৰ যিবােৰ সমস্যাই সততে গা কৰি উঠে সেইবােৰৰ ভিতৰত অন্যতম হ’ল নিদ্রাহীনতা। নিশা পর্যাপ্ত সময় টোপনি নােহােৱাৰ ফলত দিনটো কাম-কাজ কৰিব নােৱাৰা হয়।

তদুপৰি দিনৰ ভাগত টোপনি মাৰিলেও বিশেষ সুফল পােৱা নাযায়। কাৰণ নিশাৰ নিস্তব্ধতাত যিমান সােনকালে নিদ্ৰাদেৱী দুচকুলৈ নামি আহে দিনত সেয়া সম্ভৱ নহয়।

টোপনিৰ প্ৰক্ৰিয়াটো গাড়ীৰ চকাৰ স’তে ৰিজাব পাৰি। নিশা শােৱা প্ৰক্ৰিয়াটো জিনত থাকে। সকলােৱে নিশা শুয়েই ভাল পায়। হেজাৰ হেজাৰ বছৰ ধৰি মানুহে এই প্রক্রিয়াৰেই টোপনি গৈ আছে।

টোপনিৰ সময়তাে শৰীৰ গঠন প্রক্রিয়া চলি থাকে।সেইবাবে শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত টোপনিৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ বুলি কোৱা হয়৷ সেইবাবে পর্যাপ্ত টোপনিৰ প্রয়ােজন।

দীর্ঘদিন ধৰি যদি উপযুক্ত সময় টোপনি নাযায় তেতিয়াহ’লে লাহে লাহে উচ্চ ৰক্তচাপ, হৃদৰােগ আদি বৃদ্ধি হয় ।

You May Also Like

More From Author