লকডাউনৰ সম্ভাৱনা নাই, প্ৰয়োজনত প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হ’ব ব্যৱস্থা

লকডাউনৰ সম্ভাৱনা নাই, প্ৰয়োজনত প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হ’ব ব্যৱস্থা

গুৱাহাটীঃ কৰ’নাভাইৰাছৰ দ্বিতীয়টো ঢৌ দেশত আৰম্ভ হৈছে যদিও অসমত লকডাউন ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই। এই কথা শনিবাৰে দোহাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লকডাউনৰ ফলত দুখীয়া লোকসকলৰ সমস্যাৰ সৃষ্টি হয় বুলি কৈ ৰাজ্যত লকডাউন ঘোষণা কৰাৰ কথা বিবেচনা কৰা হোৱা নাই বুলি ড০ শৰ্মাই সাংবাদিকক জনায়।

স্কুল-কলেজ বন্ধ কৰা হ’ব নেকি বুলি কৰা এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয়-“বৰ্তমান আমি স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰাখিছোঁ। পৰিৱেশৰ ওপৰত আমি নজৰ ৰাখিম। প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ বাবে যদি প্ৰয়োজন হয়, তেতিয়া আমি ব্যৱস্থা ল’ম।”

অৱশ্যে প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায়।

GTM Desk

Related