অসমত নহয় পুনৰ লকডাউনঃ স্পষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মাই

অসমত নহয় পুনৰ লকডাউনঃ স্পষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটীঃ একাংশ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত চৰ্চা হৈ থকাৰ দৰে অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নাই। নিৰ্বাচনৰ পাছতে বিহুৰ বতৰত লকডাউন হ’ব বুলি চৰ্চা হৈ থকাৰ সময়তে এই সম্ভাৱনা নাই বুলি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত এতিয়া ক’ভিড নাই বুলি কৈ লকডাউন ঘোষণা কৰা নহয় বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

উল্লেখ্য যে নিৰ্বাচনৰ পাছতে অসমত পুনৰ লকডাউন ঘোষণা কৰা হ’ব বুলি এটা মহলে প্ৰচাৰ চলাই অহাৰ ফলত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

GTM Desk