ভোটলৈ ৪৮ ঘণ্টাঃ প্রথম পর্যায়ৰ ৪৭ সমষ্টিত হাইভ’ল্টেজ প্রচাৰ অভিযানৰ সামৰণি

0 min read

গুৱাহাটীঃ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে আজি সামৰণি পৰিল হাইভ’ল্টেজ নির্বাচনী প্রচাৰ৷ বিগত প্রায় এমাহজুৰি ৰাজনৈতিক দলসমূহে প্রথম পর্যায়ৰ ৪৭টা সমষ্টিৰ বাবে চলোৱা নির্বাচনী প্রচাৰ অভিযান বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত অন্ত পৰে৷ অহা ২৭ মার্চত হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে সাজু হোৱা ৰাজ্যিক নির্বাচন আয়োগে ভোটগ্রহণৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ প্রথম পর্যায়ত ১২খন জিলাক সামৰি ৪৭টা সমষ্টিৰ বাবে ভোটদান কৰিব ৮১,০৯,৮১৫গৰাকী ভোটাৰে৷ ইয়াৰে ৪,৭৭,২১০গৰাকী পুৰুষ ভোটাৰ, ৪০,৩৮,৪৮১গৰাকী মহিলা ভোটাৰ আৰু ১২২গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷

নির্বাচনী প্রস্তুতিৰ বিস্তৃত তথ্য সদৰী কৰি মুখ্য ৰাজ্যিক নির্বাচনী বিষয়া নীতিন খাড়েই প্রকাশ কৰা মতে প্রথম পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে মুঠ ২৬৪গৰাকী প্রার্থীয়ে৷ ইয়াৰে ২৪১গৰাকী পুৰুষ আৰু ২৩গৰাকী মহিলা প্রার্থী৷ ভোটদানৰ বাবে সাজু কৰি ৰখা হৈছে ১১,৫৩৭টা ভোটকেন্দ্র৷ ভোটদানৰ বাবে থাকিব অতিৰিক্ত ১,৯১৭টা ভোটকেন্দ্র৷ উল্লেখ্য যে ১২৬টা সমষ্টিৰ বাবে এইবাৰ নির্বাচনত ভোটদান কৰিব ২,৩৩,৭৪,০৮৭গৰাকী ভোটাৰে৷ ইয়াৰে ১,১৮,২৩,২৮৬গৰাকী পুৰুষ ভোটাৰ আৰু ১,১৫,৫০,৪০৩গৰাকী মহিলা ভোটাৰ৷

আনহাতে, ৩৯৮গৰাকী আছে তৃতীয় লিংগৰ ভোটাৰ৷ ইয়াৰ মাজতে ৬৩,০৭৪গৰাকী ছার্ভিচ ভোটাৰ আছে৷ জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, প্রথম পর্যায়ত হ’ব লগা নির্বাচনত সর্বাধিক ভোটাৰ থকা সমষ্টিটো হ’ল জোনাই সমষ্টি৷ এই সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৩,১১,৬৬০গৰাকী৷ আনহাতে, সর্বনিম্ন ভোটাৰ থকা সমষ্টিটো হ’ল থাওৰা সমষ্টি৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,১৫,৩৬৪গৰাকী৷ ইতিমধ্যে নির্বাচনৰ বাবে নিয়োজিত হৈছে ২ লাখ ৪১ হাজাৰ ২৬৯গৰাকী প’লিং বিষয়া৷ প্রতিটো বিধানসভা সমষ্টিত ৫০ শতাংশ ভোটগ্রহণ কেন্দ্রত ৱেবকাষ্টিং কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ অর্থাৎ এই ভোটকেন্দ্রসমূহত স্থাপন কৰা হ’ব চিচি কেমেৰা৷ ভোটদানৰ সকলো প্রক্রিয়া প্রত্যক্ষভাৱে দৃষ্টিগোচৰ কৰিব জিলা উপায়ুক্ত, মুখ্য নির্বাচনী বিষয়া আৰু নির্বাচন আয়োগে৷

ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, প্রতিখন জিলাতে থাকিব একোটাকৈ কণ্টল’ ৰুম৷ নির্বাচন স্বচ্ছ আৰু নিকা কৰাৰ লক্ষ্যৰে ইতিমধ্যে বিভিন্ন বিভাগে বিগত সময়ছোৱাত ৰাজনৈতিক দলসমূহৰ নির্বাচনী প্রচাৰ অভিযানৰ ওপৰত নজৰ ৰখাৰ লগতে ধনৰ লেনদেনৰ ক্ষেত্রতো চোকা নজৰ দিছে৷ নির্বাচনৰ এই সময়ছোৱাত ইতিমধ্যে নগদ ধনসহ মুঠ ৮৭ কোটি ৯৬ লাখ ১৩,৭৩২ টকাৰ সুৰা, ড্রাগছ, মূল্যৱান ধাতু আদি জব্দ কৰা হৈছে৷ ইয়াৰে ২১.১৮ কোটি টকা নগদ ধন হোৱাৰ বিপৰীতে ২৪.৫৩ কোটি টকা মূল্যৰ ১৩.২৪ লাখ লিটাৰ সুৰা, ২.৮২ কোটি টকা মূল্যৰ মূল্যৱান ধাতু আৰু ৩১.৯৯ কোটি টকা মূল্যৰ ড্রাগ্ছ৷ তদুপৰি ৭.৪২ কোটি টকাৰ চিগাৰেট, জালুক আদিৰ দৰে সামগ্রীও নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছৰে পৰা ৰাজ্যত জব্দ কৰা হৈছে৷

আনহাতে, এইবাৰ প্রতিটো ভোটগ্রহণ কেন্দ্রত কঠোৰভাৱে পালন কৰা হ’ব ক’ভিড প্রট’কল৷ ভোটাৰৰ বাবে প্রতিটো কেন্দ্রত হাত ধোৱাৰ ব্যৱস্থাৰ লগতে মাস্ক আৰু গ্লভছৰ ব্যৱস্থা কৰা হৈছে৷ সমান্তৰালভাৱে সামাজিক দূৰত্ব ৰক্ষাৰে ভোটগ্রহণ কেন্দ্রত শাৰী পাতিব লাগিব ভোটাৰে৷ মন কৰিবলগীয়া যে প্রথম পর্যায়ৰ নির্বাচন ১২খন জিলাত অনুষ্ঠিত হোৱাৰ বিপৰীতে ১ এপ্রিলত হ’ব লগা দ্বিতীয় পর্যায়ৰ নির্বাচন ১৩খন জিলাৰ ৩৯টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব৷ দ্বিতীয় পর্যায়ৰ নির্বাচনত ৭৩,৪৪,৬৩১গৰাকী ভোটাৰে ভাগ্য নির্ণয় কৰিব ৩৪৫গৰাকী প্রার্থীৰ৷ একেদৰে ৬ এপ্রিলত অনুষ্ঠিত হ’ব লগা তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব ১২খন জিলাৰ ৪০টা সমষ্টিত৷ তৃতীয় পর্যায়ৰ নির্বাচনত ভোটদান কৰিব ৭৯,১৯,৪৪১গৰাকী ভোটাৰে৷ তৃতীয় পর্যায়ৰ নির্বাচনত ভাগ্য নির্ণয় হ’ব ৩৩৭গৰাকী প্রার্থীৰ৷ দ্বিতীয় পর্যায়ৰ নির্বাচনত সর্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে হোজাই সমষ্টি৷ এই সমষ্টিটোত ২,৬৫,৮৮৬গৰাকী ভোটাৰ থকাৰ বিপৰীতে সমষ্টিটোত ভোটগ্রহণ কেন্দ্র আছে ৪৪৯টা৷

আনহাতে, তৃতীয় পর্যায়ৰ নির্বাচনত সর্বাধিক ভোটাৰ থকা সমষ্টিটো দিছপুৰ সমষ্টি৷ এই সমষ্টিটোৰ মুঠ ভোটাৰ হ’ল ৪,১১,৬৩৬গৰাকী৷ সমষ্টিটোত মুঠ ভোটগ্রহণ কেন্দ্র আছে ৬০৭টা৷ এইবাৰ নির্বাচনত ১২,৮১,৯১৮গৰাকী নতুন ভোটাৰ থকাৰ বিপৰীতে ২,৮৯,৪৭৪গৰাকী ভোটাৰ হৈছে ৮০ বছৰৰ ঊর্ধ্বৰ৷ লক্ষণীয়ভাৱে এইবাৰ নির্বাচনত সর্বাধিক বয়সৰ প্রার্থীগৰাকী হৈছে বিহপুৰীয়া সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা প্রেমধৰ বৰা (৮৫)৷ আনহাতে, ২৫ বছৰ বয়সৰ ৯গৰাকী প্রার্থীয়ে এইবাৰ প্রতিদ্বন্দ্বিতাত নামিছে৷ নির্বাচনত এইবাৰ বিজেপিয়ে ৯৩টা সমষ্টিত, চি পি আয়ে ১টা সমষ্টিত, চি পি আই (এম)–এ ২টা সমষ্টিত, কংগ্রেছে ৯৫টা সমষ্টিত, এন চি পিয়ে ৮টা সমষ্টিত, অল ইণ্ডিয়া ফ’ৰৱার্ড ব্লকে ৬৫টা সমষ্টিত, অল ইণ্ডিয়া মাইনৰিটী ফ্রণ্টে ২টা সমষ্টিত, তৃণমূল কংগ্রেছে ১৫টা সমষ্টিত, এ আই ইউ ডি এফে ২০টা সমষ্টিত, অগপই ২৯টা সমষ্টিত, অসম গণ মর্চাই ৩টা সমষ্টিত, অসম সংগ্রামী মঞ্চই ৩টা সমষ্টিত, অসম জাতীয় পৰিষদে ৮২টা সমষ্টিত, ভাৰতীয় গণ পৰিষদে ১৫টা সমষ্টিত, জে ডি (ইউ)–এ ৬টা সমষ্টিত, এল জে পিয়ে ৪টা সমষ্টিত, এন পি পিয়ে ১টা সমষ্টিত, আৰ জে ডিয়ে ১টা সমষ্টিত, আৰ এল এছ পিয়ে ৩টা সমষ্টিত, ভি আই পিয়ে ৮টা সমষ্টিত, আই ইউ চিয়ে ৩টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে৷

You May Also Like

More From Author