কনটেইনমেণ্ট অঞ্চলত কোনোধৰণৰ উৎসৱ অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নহব

1 min read
গুৱাহাটী: কনটেইনমেণ্ট অঞ্চলত কোনোধৰণৰ উৎসৱ অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নহয় । তদুপৰি ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি, অসুস্থ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০বছৰৰ তলত শিশু সকলক আগন্তুক উৎসৱৰ বতৰত ঘৰত থকাৰ পৰামৰ্শ আগবঢ়াইছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে ।
ভাৰতবৰ্ষত আগন্তুক অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰ মাহত নানা উৎসৱ পালন কৰা হয় ৷ এইক্ষেত্ৰত দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে নীতি-নিয়ম মুকলি কৰে ৷

উৎসৱ আয়োজন কৰাৰ দায়িত্বত থকা আয়োজক সকলে শাৰীৰিক দূৰত্ব বাৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা হাতত ল’ব লাগিব । প্ৰৱেশ কৰাৰ আগতে দেহৰ উষ্ণতা জোখা, জনসাধাৰণে যাতে মাস্ক পৰিধান কৰা , চেনিটাইজাৰ মজুত থকা, প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে থকা ব্যৱস্থাৰ বৃদ্ধি কৰা, আদি নানা ক’ভিড প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ে ।

You May Also Like

More From Author