স্বাভাৱিক অৱস্থালৈ শ্বিলং; আজিৰ পৰা শ্বিলঙত শিথিল সান্ধ্য আইন

স্বাভাৱিক অৱস্থালৈ শ্বিলং; আজিৰ পৰা শ্বিলঙত শিথিল সান্ধ্য আইন

স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছত আজিৰে পৰা পূব খাচী পাহাৰীয়া জিলা প্ৰশাসনে শ্বিলঙত কাৰ্ফিউ শিথিল কৰিছে।

পূব খাচী পাহাৰ জিলা প্ৰশাসনে জনোৱা মতে, ১৮ আগষ্টৰ পুৱা ৫:০০ বজাৰ পৰা আবেলি ৪:০০ বজালৈ শ্বিলঙৰ কাৰ্ফিউ শিথিল কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছিল চুবুৰীয়া ৰাজ্য মেঘালয়। ১৫ আগষ্টৰ দিনা ৰাজ্যখনৰ কেইবাঠাইটো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত অৱশেষত ৰাজ্যখনত সান্ধ্য আইন বলবৎ কৰা হৈছিল।

GTM Desk

Related