২০ জিলাৰ ৭০ শিক্ষকক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ তলব

1 min read

দুটা কোষাগাৰৰ পৰা অবৈধ দৰমহা লোৱাৰ অভিযোগত সোমবাৰে ৰাজ্যৰ ৭০গৰাকী শিক্ষকক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ে(Teachers Interogate by Directorate of Secondary Education ) তলব কৰে । কাহিলীপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ তলব কৰা হয় ৭০ শিক্ষকক । মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ে তলব কৰা শিক্ষক কেইগৰাকীয়ে শিক্ষা বিভাগক দেখুৱাব লাগিব সকলো নথি-পত্ৰ । যদি নথি-পত্ৰত অবৈধভাৱে দৰমহা লোৱাৰ কথা ধৰা পৰে, তেন্তে নীতি-বৰ্হিভূত ভাৱে লোৱা এই টকা ঘূৰাই দিব লাগিব শিক্ষককেইজনে । চি টি এম আই এছৰ তথ্যৰ ভিত্তিত এই ৭০ গৰাকী ঠিকাভিত্তিক শিক্ষকক তলব কৰা হয় ।

মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশনাত উল্লেখ থকা তথ্য অনুসৰি, বৰপেটাৰ ৭ জন, বঙাইগাঁৱৰ ৩ জন, কাছাৰৰ ৬ জন, দৰঙৰ ২ জন, ধেমাজিৰ ১ জন, ডিব্ৰুগড়ৰ ৪ জন, ডিমা-হাছাওৰ ৩ জন, গোলাঘাটৰ ১ জন, গোৱালপাৰাৰ ৯ জন, যোৰহাটৰ ৮ জন, কামৰূপৰ ২ জন, কামৰূপ(ম)ৰ ১ জন, কাৰ্বি আংলঙৰ ৪ জন, নগাঁৱৰ ৫ জন, কৰিমগঞ্জৰ ১ জন, লখিমপুৰৰ ২ জন, নলবাৰীৰ ১ জন, শিৱসাগৰৰ ৪ জন, শোণিতপুৰৰ ৫ জন আৰু তিনিচুকীয়াৰ ১ জন শিক্ষকৰ বিৰুদ্ধে আছে এই অভিযোগ । শিক্ষা বিভাগে জিলাৰ বিদ্যালয় পৰিদৰ্শক(District School Inspector)ৰ জৰিয়তে জাননী প্ৰেৰণ কৰিছিল শিক্ষক কেইগৰাকীলৈ ।

You May Also Like

More From Author