Advertisement

এটা ‘কোটিটকীয়া’ টিভি বিচাৰি ৰঙিয়াত হাহাকাৰ, কিয় হেতা–ওপৰা লগাইছে গ্ৰাহকে? কি আছে এই টিভিটোত?

এটা ‘কোটিটকীয়া’ টিভি বিচাৰি ৰঙিয়াত হাহাকাৰ, কিয় হেতা–ওপৰা লগাইছে গ্ৰাহকে? কি আছে এই টিভিটোত?

৯০ দশকৰ এটা টিভিৰ মূল্য ১ কোটিৰ পৰা পাঁচ কোটি টকা! ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এনেদৰে কোৱা হৈছিল। তাৰ পিছৰে পৰা সেই বিশেষ টিভিটোৰ সন্ধানত উঠি-পৰি লাগিছে ৰঙিয়াৰ বহু লোক। কি চাকৰিয়াল, কি ব্যৱসায়ী, কি শিক্ষিত যুৱক; সকলোৱে ৯০ দশকৰ কাঠৰ বাকচৰ টিভিটোৰ সন্ধানত নামি পৰিছে। অৱশেষত ৰঙিয়াৰ চেপ্তীৰ এটা পৰিয়ালৰ ঘৰত সেই ৯০ দশকৰ টিভিটোৰ সন্ধান পালে। তাৰ পিছৰে পৰা সেই পৰিয়ালটোত গ্ৰাহকৰ ব্যাপক ভিৰ।

কোনোৱে কয় টিভিটো সংগ্ৰাহলয়ত বিক্ৰী হ’ব। আন কোনোৱে আকৌ কয় টিভিটোৰ ভিতৰত এবিধ বিশেষ দ্ৰব্য থাকে। সেই বিশেষ দ্ৰব্যবিধ হৈছে ৰেড মাৰ্কিউৰি। মিছাইল নিৰ্মাণৰ কামত লাগে ৰেড মাৰ্কিউৰি। সেয়ে টিভিটোৰ মূল্য হৈছে ১ কোটি টকাৰ পৰা পাঁচ কোটি টকা পৰ্যন্ত। টিভিটো চাবলৈ প্ৰতিদিনে গ্ৰাহক আহে ঠিকেই, কিন্তু বিক্ৰী নহয়।

হঠাৎ এনেদৰে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হোৱাত চিন্তিত হৈ পৰিছে টিভিৰ গৰাকী। সেয়া যি নহওক, কোনো দুষ্ট চক্ৰই YouTubeৰ দ্বাৰা ভিডিঅ’ ভাইৰেল কৰাৰ পিছত উৰা বাতৰিৰ পিছত দৌৰিছে ৰঙিয়াৰ বহু শিক্ষিত লোক।

Source: News 18 Assam

Shahnawaz Hamza