OMG 2-ৰ নতুন পোষ্টাৰত ভগৱান শিৱৰ অৱতাৰত অক্ষয় কুমাৰ

OMG 2-ৰ নতুন পোষ্টাৰত ভগৱান শিৱৰ অৱতাৰত অক্ষয় কুমাৰ

২০১২ চনত মুক্তি পোৱা অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালে অভিনীত ছবি ‘অ’ মাই গড’ বক্স অফিচত হিট ছবি হিচাপে প্ৰমাণিত হয়। এতিয়া এই ছুপাৰ সফল ছবিখনৰ ১১ বছৰৰ পাছত অক্ষয় কুমাৰে আকৌ এবাৰ ছ’চিয়েল কমেডী ‘অ’ মাই গড ২’ৰ জৰিয়তে ৰূপালী পৰ্দা খলকনি সৃষ্টি কৰিবলৈ সাজু হৈছে। প্ৰথম খণ্ডত অক্ষয় কুমাৰক ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত দেখুওৱা হৈছিল, আনহাতে ‘অ’ মাই গড ২’ত অক্ষয় কুমাৰক ভগৱান শিৱৰ অৱতাৰত দেখা যাব। একে সময়তে এই আটাইতকৈ প্ৰত্যাশিত ছবিখনৰ নতুন পোষ্টাৰো মুকলি কৰা হৈছে।

Oh My God 2 ৰ কাহিনীৰ কথা কওঁতে ইয়াক ভাৰতৰ যৌন শিক্ষাৰ পটভূমিত স্থাপন কৰা হৈছে। অশ্বিন ভাৰ্ডে, ভায়াকম ১৮, আৰু জিঅ’ ষ্টুডিঅ’ হৈছে অ’ মাই গড ২ৰ প্ৰযোজক। অক্ষয় কুমাৰে ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা মধ্যপ্ৰদেশত ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছিল।

GTM Desk