Omicron: ক’ভিডৰ নতুন ভেৰিয়েন্টক লৈ সম্পূৰ্ণৰূপে সাজু GMCH

1 min read

বিশ্বৰ লগতে দেশত ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণে(new COVID-19 Variant Omicron) পুনৰ আতংক সৃষ্টি কৰিছে ৷ পুনৰ আতংক সৃষ্টি কৰা অ’মিক্ৰণকৰ বিৰুদ্ধে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে সাজু থকাৰ(GMCH fully ready to fight Omicron) কথা সদৰী কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই । গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে সৰুসজাই ক’ভিড হাস্পতালখলনো অ’মিক্ৰণক লৈ সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে বুলি কয় অধীক্ষক গৰাকীয়ে ৷

ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই ৷ এই ভেৰিয়েন্টৰ লক্ষ্যণ হৈছে জৰ-কাহ, দুৰ্বলতা ৷ গতিকে অ’মিক্ৰণৰ পৰা বাছি থাকিবলৈ সামাজিক দূৰত্ব পালন কৰি মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, ভাৰতবৰ্ষত এতিয়ালৈকে 17 গৰাকী লোক অ’মিক্ৰণত আক্ৰান্ত হৈছে ৷ মন কৰিবলগীয়া যে, এই অ’মিক্ৰণত আক্ৰান্ত এই আটাইকেইগৰাকী লোকে ক’ভিড দুয়ো পালি ভেকচিন লোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে, ভেকচিন গ্ৰহণ কৰিও ক’ভিডত আক্রান্ত হোৱা সন্দৰ্ভত অধীক্ষক গৰাকীয়ে কয়, ক’ভিডৰ আক্রান্ত প্ৰায় ১০ হাজাৰ ৰোগীৰ ওপৰত GMCHয়ে পৰীক্ষা চলাইছিল । পৰীক্ষাত ভেকচিন নোলোৱা ৮৫% ৰোগী মৃত্যু হোৱা তথ্য আহিছিল । গতিকে ক’ভিড ভেকচিন ল’লে মৃত্যুৰ হাৰ বহু কমি যায় । তাৰ বাবে সকলোকে ভেকচিন লোৱাৰ বাবে আহ্বান জনালে অধীক্ষক গৰাকীয়ে ।

অ’মিক্ৰণৰ পৰা শিশু সকলক সুৰক্ষিত কৰি ৰাখিবলৈ অভিভাৱক সকলৰ প্ৰতি বিশেষ আহ্বান GMCH ৰ অধীক্ষক শৰ্মাৰ । তেওঁ কয়, বিনা কাৰণত বাহিৰলৈ নিয়াৰ প্ৰয়োজন নাই শিশুসকলক । কিয়নো এতিয়ালৈকে ভেকচিন শিশুসকলক প্ৰদান কৰা হোৱা নাই । ইফালে, ক’ভিড প্ৰট’কল মানি বিয়া-সমাৰোহ আয়োজন কৰাৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছে GMCH ৰ অধীক্ষক গৰাকীয়ে ৷

You May Also Like

More From Author