‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ:কৰ’নাক খেদিবলৈ বাজিছিল কাঁহী-বাতি, ঢোল-তাল

‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ:কৰ’নাক খেদিবলৈ বাজিছিল কাঁহী-বাতি, ঢোল-তাল

মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ‘জনতা কাৰ্ফিউ’ৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল।আজিৰ দিনটোতেই ঘোষণা কৰা হৈছিল ‘জনতা কাৰ্ফিউ।

জনতা কাৰ্ফিউৰ সময়ত জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল যেনে আৰক্ষী,চিকিৎসা কৰ্মীকে আদি কৰি সংবাদ কৰ্মীসকলক উৎসাহ জনোৱাৰ বাবে থালি আৰু হাত চাপৰি বজাবলৈ মোদীয়ে দেশবাসীক আহ্বান কৰিছিল।

কিন্তু একাংশ লোকে কাঁহী-বাতি, ঢোল-তাল,খোল-বৰকাঁহ আদিৰে পদযাত্ৰাও কৰা দেখা গৈছিল।আনহাতে এই হাস্যকৰ দৃশ্যবোৰ ছ’চিয়েল মিডিয়াযোগে বিশ্বজুৰি ভাইৰেল হৈছিল।

GTM Desk

Related