ONGCৰ কৰ্মচাৰীক অপহৰণ আলফা(স্বাঃ)ৰ

ONGCৰ কৰ্মচাৰীক অপহৰণ আলফা(স্বাঃ)ৰ

 কুইপ’ৰ পিছত এইবাৰ ONGCৰ কৰ্মচাৰীক অপহৰণ আলফা(স্বাঃ)ৰ। ONGCৰ তিনিজন কৰ্মচাৰীক অপহৰণ কৰিলে আলফা(স্বাঃ)য়ে। শিৱসাগৰৰ লাকুৱাত কৰ্মৰত আছিল তিনিওজন কৰ্মচাৰী। অপহৃত ৰিতুল শইকীয়া, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া। লাকুৱাৰ ONGCৰ ৰিগৰ পৰা অপহৰণ কৰে তিনিওকে। ৰোমানিয়ান ৱৰ্ক অভাৰ ৰিগৰ পৰা অপহৰণ কৰে তিনিওকে। উল্লেখ্য যে ২২ ডিচেম্বৰত অপহৰণ কৰিছিল কুইপ’ৰ দুই কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰামকুমাৰক। কুইপ’ৰ দুই বিষয়াক শেহতীয়াকৈ মুকলি কৰি দিছে আলফা(স্বাঃ)ই।

GTM Desk