ONGC পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ
নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা পাঁচ কিঃমিঃ নিলগত অ’এন জি চিৰ পাইপ লাইনৰ বিজুতিৰ বাবেই হাহাকাৰৰ সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক ৰাইজৰ । কৃষকৰ ভৰষাৰ থলী মেছাগড় বৰপথাৰৰ মলাগাঁও অংশত যোৱা কালি নিশাৰেপৰা পথাৰত বৈ পৰা প্ৰচুৰ খাৰুৱা তেলৰ প্ৰাদুৰ্ভাৱে ৰুই যোৱা মাটি কলা তেলৰ চামনিৰে ঢাকি পেলাইছে । জতকীয়া চাৰিআলি জি জি এচ আৰু মঠিয়াছিগা দিখৌ জাংশ্যন পইণ্ট (ডি জে পি) সংযোগী পাইপ লাইনতে এনেদৰে তেল নিৰ্গত হয় । কালি পুৱাৰ ভাগতে স্থানীয় সাংবাদিককে ধৰি কাষৰ খেতিয়ক ৰাইজৰ পথাৰত নামি প্ৰত্যক্ষ কৰাৰ সময়ত কৃষকৰ চকু সেমেকি উঠে । আগদিনা ভূঁই ৰুই যোৱা মাটিত ক্ৰুড অইলৰ প্ৰভাৱে সেউজীয়া ৰোৱাক খেৰৰ দৰে শুকুৱাই পেলোৱাৰ দৃশ্যই খেতিয়কৰ অৰ্থনীতিক মন্দাৱস্থালৈ ঠেলি দিয়াৰ তীব্ৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । কৃষি কৰ্ম সম্পাদন কৰি ঘৰৰ চাহিদা পূৰণ কৰি অহা মাটিৰ গৰাকী তথা কৃষকে দুখ প্ৰকাশ কৰি কয় যে প্ৰচণ্ড ৰ’দত শুকাই শৰীৰৰ ঘাম মাটিত পেলাই আৰু পাৱাৰ টিলাৰৰ উচ্চ দৰৰ খৰছ বহন কৰি ৰুই উঠা মাটিত খাৰুৱা তেলৰ প্ৰৱাহে তেওঁলোকৰ কৃষিৰ ওপৰত ভৰষাক আশাহত কৰি পেলাইছে । আনহাতে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে ঘটনাৰ বিষয়ে জানিয়েই ততাতৈয়াকৈ মেছাগড় আৰু মলাগাঁও পথাৰ অংশত উপস্থিত হয়গৈ । শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ঞু কমল বৰাই অ’এন জি চি কৰ্তৃপক্ষক তাৎক্ষণিকভাৱে তেলৰ নিগৰ্মণ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সংশ্লিষ্ট কৃষক সকলৰ ক্ষয় ক্ষতিক উপযুক্ত ভাৱে মূল্যায়ন কৰি সকাহ দিবলৈ আহ্বান জনায় । অ’ এন জি চিৰ জি জি এচৰ ব্যৱস্থাপনাৰ লগতে সুৰক্ষা বিভাগৰ বিষয়া সকল ঘটনাৰ বিষয়ে জানি উঠাৰ পাছতে বৰপথাৰৰ সংশ্লিষ্ট এলেকাত ততাতৈয়াকৈ উপস্থিত হয়গৈ আৰু তাৎক্ষণিকভাৱে পাইপ লাইনটোৰ মাটিৰ গভীৰত এটা ক্লেম্প বিজুতি ঘটাৰ বাবেই তেল নিৰ্গত হোৱাৰ পৰিস্থিতি হোৱা বুলি প্ৰকাশ কৰে । আজি দ্বিতীয় দিনাও বৃহৎ কৃষি পথাৰত খাৰুৱা তেল প্লাৱিত হৈ থকাত কৃষক ৰাইজ চিন্তিত হৈ পৰিছে । অ’ এন জি চি কৰ্মচাৰীয়ে প্ৰতিৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও তেল নিৰ্গমণ নিয়ন্ত্ৰণ কৰিব পৰা নাই ।