14.6 C
Assam
Saturday, December 10, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

যান-জঁটৰ কাৰণ আৰু সমাধানৰ ওপৰত অনলাইন জৰীপ

Assamese Newsযান-জঁটৰ কাৰণ আৰু সমাধানৰ ওপৰত অনলাইন জৰীপ

গুৱাহাটীত যোৱা কেইবছৰমানৰ পৰা যান-জঁটৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ প্ৰভাৱ প্ৰায় সকলোৰে জীৱনত কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰভাৱিত কৰিছে। পলমৰ বাবে মানুহে উৎপাদনশীল ঘণ্টা হেৰুৱাইছে, ইন্ধনৰ খৰচ বৃদ্ধি পাইছে, মানুহৰ মানসিক চাপৰ মাত্ৰা বৃদ্ধি পাইছে, আৰু শব্দ আৰু বায়ু প্ৰদূষণ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। চৰকাৰে বহু চেষ্টা আৰু ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো সমস্যাটো দিনক দিনে অধিক ভয়াৱহ হৈ পৰিছে।

সমস্যাটোৰ কাৰণ আৰু সম্ভাৱ্য সমাধান বুজিবলৈ গুৱাহাটীস্থিত নাগৰিক সমাজৰ সংগঠন GAMOF (Green and Active Mobility Forum), গুৱাহাটীৰ নাগৰিকসকলৰ বাবে অনলাইন ধাৰণা সমীক্ষা চলাই আছে। এই সমীক্ষাত তেওঁলোকৰ ভ্ৰমণৰ আচৰণো বুজিবলৈ চেষ্টা কৰা হৈছে। নাগৰিকৰ মতামত আৰু তথ্যই চৰকাৰে কাৰ্যকৰীকৰণৰ বাবে বিবেচনা কৰিব পৰা ব্যৱহাৰিক আৰু বৈজ্ঞানিক প্ৰস্তাৱৰ কামত সহায় কৰিব পাৰে।

জৰীপৰ লিংক https://rb.gy/hsxbpe । নতুবা সকলোৱে এই ৱেবছাইট www.gamof.org বা GAMOF ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত গৈ জৰীপৰ লিংকত প্ৰৱেশ কৰিব পাৰে। এই জৰীপ ২০২২ চনৰ ৩০ নৱেম্বৰলৈকে খোলা থাকিব

নাগৰিক আৰু চহৰৰ পথ আন্তঃগাঁথনিৰ ব্যৱহাৰকাৰী হিচাপে ইয়াৰ উন্নয়নত নাগৰিকসকল সমান অংশীদাৰ। তেওঁলোকৰ মতামত গুৰুত্বপূৰ্ণ আৰু সামগ্ৰিক উন্নয়নৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই বিবেচনা কৰাটো প্ৰয়োজন।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: