লখিমপুৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। বঙালমৰাৰ ২নং ইছলামপুৰত এই ঘটনা। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত ধৃত আনাৰুল। ককায়েক ছাদ্দাম হুছেইনৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান। আনাৰুলক লগত লৈ আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল আনাৰুলে। আঘাতপ্ৰাপ্ত আনাৰুল সম্প্ৰতি চিকিৎসাধীন। কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ গোচৰত
আদাবাৰীৰ কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ সমীপত মৃতদেহ উদ্ধাৰ। জাবৰৰ দ’মৰ মাজত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ আদাবাৰী শংকৰ নগৰৰ নিৱাসী সিদ্ধাৰ্থ দাস বুলি চিনাক্ত। যুৱকজনৰ আনুমানিক বয়স হৈছে ৩০ বছৰ। কিছুদিন পূৰ্বে নিচামুক্তি কেন্দ্ৰৰ পৰা চিকিৎসা গ্ৰহণ কৰি ওলাই আহিছিল যুৱকজন। দেওবাৰে নিশা ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন।
ধলাইৰ হাওয়াইথাং মাদ্ৰাছাত ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ছাত্ৰ ৰজিমুল হুছেইন লস্কৰক হত্যা। ডিঙি কাটি হত্যা কৰিছিল মাদ্ৰাছাৰ শিক্ষক হাফিজ মউচিন ৰহমানে। আৰক্ষীৰ তদন্তত পোহৰলৈ এই ভয়ংকৰ তথ্য। আৰক্ষীৰ কেইবা ঘণ্টা জেৰাৰ অন্তত চাঞ্চল্যকৰ স্বীকাৰোক্তি হাফিজ ৰহমানৰ।কিছুদিন পূৰ্বে মাদ্ৰাছাৰ পৰা পলাই গৈছিল ৰজিমুল হুছেইন। পলাই যোৱাৰ অভিযোগত নিৰ্মমভাৱে
ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত। ঘটনাস্থলীত উপস্থিত ৰঙিয়া আৰক্ষী।
কামৰূপৰ বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ ঘটনা। আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা। AS25AC8221 নম্বৰৰ বাছখনেৰে শিশুটিক অপহৰণৰ চেষ্টা। গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল বাছখন। ঘটনাস্থলীৰ পৰা আটক বাছখনৰ হেণ্ডিমেনক। হেণ্ডিমেনজনে তিনিআলি বাইপাছত নমাই দিছিল শিশুটিক। শিশুটিক নমাই। দৌৰি বাছত উঠিবলৈ লওঁতে আটক কৰে ৰাইজে। জালুকবাৰীৰ পৰা শিশুটিক লৈ অনা