গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৫ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ বিশ্ববিদ্যালয় সপ্তাহ “ইউফুজিম- ২৫” অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে । সংগীত, নাটক, কলা, সাহিত্য বিভাগৰ লগতে ফটোগ্ৰাফী আৰু চিনেমা, প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, ইত্যাদি বহু ধৰণৰ প্ৰতিযোগিতাৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া এই বাৰ্ষিক উৎসৱৰ এই বছৰ থীম বা বিষয়বস্তু হৈছে–“অতীতলৈ উভতি চোৱা”
ৰাইজৰকেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ দুদিনীয়া ফটো প্ৰদৰ্শনীৰ সামৰণি কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি), ক্ষেত্ৰ কাৰ্যালয়, তেজপুৰৰ উদ্যোগত ওদালগুৰিৰ নালাপাৰাত আয়োজিত দুদিনীয়া ফটো প্ৰদৰ্শনী তথা সজাগতা কাৰ্যসূচী আজি সফলতাৰে সামৰণি পৰে। ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি “বিকশিত ভাৰত @ ২০৪৭” শীৰ্ষক এক প্ৰদৰ্শনী প্ৰদৰ্শিত কৰা হয়।কাৰ্যসূচীৰ দ্বিতীয়
জম্মু কাশ্মীৰত পুনৰ প্ৰচণ্ড তুষাৰপাত । বৃহস্পতিবাৰৰ পাছত, আজি পুৱা জম্মু আৰু কাশ্মীৰৰ বৃহৎ অংশত পুনৰ তুষাৰপাত আৰম্ভ হয়। তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰশাসনিক সূত্ৰ অনুসৰি, বানিহাল আৰু কাজিগুণ্ডৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত প্ৰচণ্ড বৰফ জমা হৈছে, যাৰ ফলত যান-বাহন চলাচল বন্ধ কৰি দিয়া হয়। কিছুদিনৰ পৰা নিৰন্তৰ তুষাৰপাত হোৱাৰ ফলত, বানিহালৰ পৰা
উত্তৰাখণ্ডৰ হিমস্খলন ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ভাৰতীয় সেনাই এই পৰ্যন্ত ৪৭ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও সন্ধানহীন হৈ আছে আৱদ্ধ হৈ থকা কমেও আঠজন শ্ৰমিক। শুকুৰবাৰে বিয়লি উত্তৰাখণ্ডৰ চামোলী জিলাৰ বদ্ৰীনাথৰ ওচৰৰ মানা গাঁৱত হঠাৎ সৃষ্টি হয় ভূমিস্খলন । সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) কমেও ৫৫ জন কৰ্মী হিমস্খলনত আৱদ্ধ
দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰবাহীৰ কানাইচুবা গাঁৱৰ অতি পিচপৰা হেদায়েৎপুৰ চুবুৰিৰ নৌচাদ আলি আৰু মকছিদা বেগমৰ একমাত্ৰ কন্যা , তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰী পাহি আৰা বেগমে যোৱা বৰ্ষত শ্বিলঙৰ নেহু (NEHU) ৰ পৰা ভূগোল বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সদ্য ঘোষিত সৰ্বভাৰতীয় ইউ জি চিৰ নেট