বিগত প্ৰায় ৩ মাহ ধৰি মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ অব্যাহত আছে। ইয়াৰ মাজতে মণিপুৰৰ ৰাজনীতিত এক ডাঙৰ পৰিবৰ্তন ঘটনাৰ সম্ভাৱণা আছে। অকলশৰীয়া হোৱাৰ দিশে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং। মণিপুৰৰ এন বীৰেন সিং চৰকাৰৰ সহযোগী দলে ৰাজ্য চৰকাৰক সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। দুগৰাকী বিধায়ক থকা কুকি পিপলছ এলায়েন্সে ৰাজ্যপাল অনুচুয়া
মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত গা লৰিল বিয়াগোম লোকনিৰ্মাণ বিভাগৰ। নিশা শিল-বালিৰে প্ৰকাণ্ড গাত মেৰামতিত নামিল লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী। বিষয়াৰ অকপট স্বীকাৰোক্তি, মুখ্যমন্ত্ৰীৰ আগমনৰ বাবেহে ততাতৈয়াকৈ মেৰামতি কৰা হৈছে বিধ্বস্ত হৈ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইপিনে প্ৰয়োজনীয় পুঁজিৰ অভাৱত দীৰ্ঘদিনে পথচোৱা মেৰামতি কৰিব পৰা নাই বুলিও স্বীকাৰ কৰিলে লোকনিৰ্মাণ বিভাগৰ
উত্তৰ প্ৰদেশৰ অযোধ্যাত দ্ৰুতগতিত চলি আছে ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ কাম। প্ৰথম মহলাৰ মন্দিৰ কমপ্লেক্সৰ অধিকাংশই সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৪০০ কেজিৰ তলা প্ৰস্তুত কৰিছে আলিগড়ৰ এগৰাকী বৃদ্ধ শিল্পীয়ে। ২০২৪ চনৰ জানুৱাৰী মাহত ভক্তৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে মন্দিৰটো। হস্তনিৰ্মিত তলাৰ বাবে
ৰঙিয়া ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহতো । নিশা স্থানীয় ৰাইজে পৰি থকা অৱস্থাত দেখা পাই ৰেল আৰক্ষীক খবৰ দিয়ে ৰাইজে । মৃত লোক জনৰ বয়স 25-30 বছৰ মান হব বুলি অনুমান কৰিব পাৰি । লোক জনৰ পৰিচয় এতিয়া লৈ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ
ক’লা হীৰাৰ অবাধ লুণ্ঠনৰ ফলশ্রুতিত ঐতিহাসিক পাটকাই পৰ্বত ইতিহাস হোৱাৰ দিশে গতি কৰিছে । সুদীৰ্ঘ কাল ধৰি জধে-মধে পাটকাইৰ বুকু ভেদি কয়লা আহৰণ কৰাত সম্প্ৰতি পাটকাইৰ জীৱ-বৈচিত্ৰ্যতা সমুলঞ্চে ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে। চৰকাৰী পৃষ্ঠপোষকতাৰ সমান্তৰালভাৱে মাফিয়া চক্ৰৰ দপদপনিত এতিয়া পাটকাই পৰ্বতে উচুপি কান্দিছে । শ-শ জেচিবি, ফকলেনৰ হাতোৰাই পাটকাইৰ বক্ষ