বৃদ্ধি পালে ঔষধৰ খুচুৰা মূল্য। অর্থাৎ প্রয়োজনীয় ঔষধকেইবিধ ক্রয় কৰিবলৈ যাওঁতেও এতিয়াৰ পৰা গ্ৰাহকে ভৰিব লাগিব অধিক ধন। দৈনন্দিন প্ৰায়ভাগ সময়ে ব্যৱহাৰ কৰা ঔষধৰ দামো বৃদ্ধি পাইছে। মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিক আদি ঔষধৰ দাম বৃদ্ধি পাইছে। জ্বৰ, কাহ, চৰ্দি আদি ৰোগৰ হী কথা, ঔষধৰ দামো শেহতীয়াভাৱে অত্যধিক হাৰত বৃদ্ধি পাইছে। দিল্লী,
তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ। গুলীবিদ্ধ আলফাৰ লিংকেমন জুমন বৰা।জুমনৰ বাওঁভৰি আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত। বৰ্তমান জুমন তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।খবৰ অনুসৰি, জুমনৰ জৰিয়তে আৰক্ষীয়ে শনিবাৰে উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।যোৰহাট আৰু ডিব্ৰুগড়ৰ মষ্ট ৱানটেতৰ তালিকাত আছিল জুমন বৰাৰ নাম। আনহাতে, সোণাৰিত ৰহস্যজনকভাৱে গুলীবিদ্ধ ছালফা সদস্য যোগেন গগৈ।জানিব পৰা মতে, ধন দাবীৰ
মণিপুৰত বিবস্ত্ৰা কৰা দুই মহিলাই কেন্দ্ৰৰ বিৰুদ্ধে দাখিল কৰিলে আবেদন।মণিপুৰ চৰকাৰৰ বিৰুদ্ধে দাখিল কৰে আবেদন। আজি উচ্চতম ন্যায়ালয়ে দুই মহিলাৰ আবেদনৰ ভিত্তিত কৰিব শুনানি। উল্লেখ্য যে, ১৯ জুলাইত মণিপুৰৰ দুই মহিলাক বিবস্ত্ৰা কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
পুৱাই মুম্বাই-জয়পুৰ এক্সপ্ৰেছত গুলীচালনা। চলন্ত ৰে’লতে গুলীত নিহত কমেও চাৰিজন লোক। নিহতসকলৰ ভিতৰত এজন আৰ পি এফৰ সহকাৰী উপ পৰিদৰ্শক বুলি জানিব পৰা গৈছে। বাকী তিনিজন যাত্ৰী। আৰ পি এফৰ এজন জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে গুলীচালনাৰ অভিযোগ। মহাৰাষ্ট্ৰৰ পালঘৰৰ সমীপত চলন্ত ৰে’লত এনে ঘটনা সংঘটিত হোৱাৰ পিছত যাত্ৰীসকল অতিশয় আতংকিত
-বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলত বিছাৰ সন্ত্ৰাস 🔷 খেতি পথাৰ তহিলং কৰি ঘৰে ঘৰে সোমাইছে ৰঙা বিছা। 🔷 মৰাপাটৰ খেতি, ধাননি পথাৰ, দমকল, বিছনা, চকী সকলোতে বিছা। 🔷 বিছাৰ বাবে আঠুৱাৰ ভিতৰত সোমাই থাকিব লগা হৈছে অঞ্চলবাসী।