আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; গুটিধনক আটক

আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; গুটিধনক আটক

বাইহাটা চাৰিআলিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷ অভিযানত আলিপূব গাঁৱৰ ধন শইকীয়া ওৰফে গুটিধনক আটক আৰক্ষীৰ৷ গুটিধনৰ পৰা ২৬ টা কণ্টেইনাৰসহ ৩৫ গ্ৰাম ড্ৰাগছ, নগদ ২২,৪৫০ টকা জব্দ৷ পূৰ্বেও বহুবাৰ ড্ৰাগছৰ বেহাত জড়িতৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছিল ধন শইকীয়া৷

গৃহৰক্ষী জোৱানক হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ

গৃহৰক্ষী জোৱানক হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ

কোকৰাঝাৰত হত্যাকাণ্ড৷ এগৰাকী গৃহৰক্ষী জোৱানক হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ৷ গৃহৰক্ষী জোৱানজন বাসুদেৱ কিস্কু বুলি চিনাক্ত৷ আমগুৰিৰ দাবলেগাঁৱত সংঘটিত এই হত্যাকাণ্ড৷ বাসুদেৱ কিস্কুৰ ঘৰ চিৰাঙৰ গুৰুভাষা ৰাবনঘাট গাঁৱত৷ বাসুদেৱক কোনে হত্যা কৰিলে সেই সন্দৰ্ভত নাই কোনো তথ্য৷

এছিয়ান ইয়ুথ ভাৰত্তোলন চেম্পিয়নশ্বিপত জিলিকিল অসম সন্তান

এছিয়ান ইয়ুথ ভাৰত্তোলন চেম্পিয়নশ্বিপত জিলিকিল অসম সন্তান

🔵 দুটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জন সিদ্ধান্ত গগৈৰ 🔵 ৬১ কেজি জুনিয়ৰ শাখাত পদক লাভ সিদ্ধান্তৰ 🔵 নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত এই চেম্পিয়নশ্বিপ

মহেন্দ্ৰ সিং ধোনীৰ ছবি তুলি অপমানিত হ’ল বিমান পৰিচাৰিকা

মহেন্দ্ৰ সিং ধোনীৰ ছবি তুলি অপমানিত হ’ল বিমান পৰিচাৰিকা

বিমানেৰে ৰাঁচীৰ পৰা আন এখন চহৰলৈ গৈ আছিল ধোনী। বিমানতে টোপনি গৈছিল ক্ৰিকেটাৰ গৰাকী। টোপনি গৈ থকাৰ অৱস্থাত মনে মনে মোবাইলত ধোনীৰ ছবি তুলিছিল এগৰাকী বিমান পৰিচাৰিকাই। উল্লেখ্য যে, এই কাম কৰা বিমান পৰিচাৰিকাগৰাকী আছিল ধোনিৰ ডাঙৰ অনুৰাগী। কিন্তু কাৰোবাৰ গোপন মুহূৰ্তৰ ভিডিঅ’ লোৱাটো, তেওঁ যিমানেই ডাঙৰ চেলিব্ৰিটি নহওক কিয়,

গোলাঘাট ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ হত্যাকাৰী নাজিবুৰ ৰহমানৰ মাতৃ চালেহা বেগমক চাকৰিৰ পৰা বৰ্খাস্ত

গোলাঘাট ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ হত্যাকাৰী নাজিবুৰ ৰহমানৰ মাতৃ চালেহা বেগমক চাকৰিৰ পৰা বৰ্খাস্ত

চালেহা বেগম গোলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। পুত্ৰৰ কুকৰ্মৰ বাবেই মাতৃয়ে চাকৰি হেৰুৱাব লগা হৈছে। গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী আৰু শাহু–শহুৰেকক নৃশংসভাৱে হত্যা কৰি কণমানি সন্তানক কোলাত লৈ আত্মসমৰ্পণ থানাত কৰিছিল। ইয়াৰ পিছতেই এই ঘটনাৰে জড়িত