এতিয়াৰে পৰা ডিজিটেলাইজ কৰিব লাগিব যান বাহনৰ সকলো নথি, অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ’ব বাহন প্ৰতিখন জিলা আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৱেবছাইটত অন্তৰ্ভুক্ত কৰক সকলো নথি। ১ আগষ্টৰ পৰা আপোনাৰ বাবে মুকলি কৰা হ’ব আবেদন প্ৰক্ৰিয়া। অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ’ব আপোনাৰ বাইক অথবা বাহনখন।
শুকুৰবাৰে পাণ্ডু বন্দৰত উপস্থিত হ’ল বৃহৎ আকৃতিৰ যন্ত্ৰ কঢ়িয়াই অনা জাহাজ ৷ ব্ৰহ্মপুত্ৰৰ জৰিয়তে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে কঢ়িয়াই আনিলে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ৩,২৭৫ মেট্ৰিক টনৰ বৃহৎ আকৃতিৰ যন্ত্ৰ ৷ ১,২৮৬ মেট্ৰিক টনৰ আটাইতকৈ গধুৰ যন্ত্ৰ, ১,২৪৮ মেট্ৰিক টন আৰু ৭৪১.১২ মেট্ৰিক টনৰ আন দুটা যন্ত্ৰ শোধনাগাৰটোৰ
মণিপুৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ গুলীত আঘাতপ্ৰাপ্ত দুজন সাধাৰণ নাগৰিকৰ পিছত মৃত্যু হোৱা বুলি শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে।মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাই মানিং লেইকাইত অচিনাকি দুষ্কৃতিকাৰীয়ে ছটা ঘৰত অগ্নিসংযোগ কৰে বুলিও আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে।কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও অস্থিৰ আৰু উত্তেজনাপূৰ্ণ
AAPত যোগদান কৰিব নেকি অজিত ভূঞাই 🔷 দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ অজিত ভূঞাৰ 🔷 মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৪৫ মিনিটজোৰা আলোচনা 🔷 মধ্যস্থতাকাৰী ৰূপত সাংসদ ৰাঘৱ ছাদ্দাই 🔷 অসমত AAPৰ দায়িত্ব লোৱা সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা
বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিজেপিৰ সভাপতি জে পি নাড্ডাই তাছাক নিযুক্তি দিছে দলটোৰ ৰাষ্ট্ৰীয় সচিব হিচাপে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সাংগঠনিক ক্ষেত্ৰত তৎপৰতা। ২৯ জুলাই ২০২৩ত নাড্ডাই বি জে পিৰ কেন্দ্ৰীয় কমিটিত ১৩ জনক নিযুক্তি দিছে উপাধ্যক্ষ হিচাপে। ৰাষ্ট্ৰীয় সচিব হিচাপে নিযুক্তি