গোলাঘাটৰ ট্রিপল মাৰ্ডাৰত জড়িত নাজিবুৰ ৰহমানৰ ভাতৃ আৰু মাতৃক আটক কৰিছে আৰক্ষীয়ে। নাজিবুৰৰ জ্যেষ্ঠ ভাতৃ হিজবুল ৰহমান আৰু মাতৃক সোধাপোছাৰ বাবে আৰক্ষীয়ে বৃহস্পতিবাৰৰ সন্ধিয়া আটক কৰে। আত্মগোপন কৰি থকা অৱস্থাত গোলাঘাট আটক কৰে দুয়োকে। দেৱেৰাপাৰ আৰক্ষীৰ সহযোগত দুয়োকে আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী। উল্লেখ্য বুধবাৰে গোলাঘাটত নাজিবুৰ ৰহমান নামৰ
অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন হ’ব অহা ৩০ জুলাইত। এই নতুন ভৱনটো উদ্বোধন কৰিব লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই। বিধানসভাৰ এই স্থায়ী ভৱনটো নিৰ্মাণৰ দায়িত্বত আছিল ছিমফ্লেক্স ষ্ট্ৰাক্সাৰ। ১৮,৪৫৯ বৰ্গ মিটাৰৰ এই নতুন ভৱনটোৰ নিৰ্মাণৰ ব্যয় ২৩৪ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই ব্যয় ৩৫১ কোটিলৈ বৃদ্ধি হয়।
সংসদত নামৰূপ সাৰ কাৰখানা বন্ধ হ’ব বুলি ঘোষণা কৰাৰ পিছত শনিবাৰৰ পৰা নামৰূপৰ লগতে অসমৰ বিভিন্ন ঠাইত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰে পঞ্চম দিনৰ দিনাও অসম জাতীয় পৰিষদৰ উদ্যোগত বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বি ভি এফ চি এলৰ ক্ৰমে ফাৰটিলাইজাৰ শ্ৰমিক
নলবাৰী জিলাৰ ক্ষুদ্ৰ কটলাবৰকুছি গাঁৱত বুধবাৰে এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ছাত্ৰীগৰাকী ক্ষুদ্ৰ কটলাবৰকুছি গাৱঁৰ মিনাক্ষী তালুকদাৰ বুলি জানিব পৰা গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত (কম্পাৰ্টমেণ্টেল) ছাত্ৰীগৰাকীয়ে পুনৰ অনুতীৰ্ণ হোৱাত মানসিকভাৱে ভাগি পৰি এনে চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে গাঁৱখনৰ তপন তালুকদাৰৰ কন্যা মিনাক্ষী তালুকদাৰে সদ্যঘোষিত হাইস্কুল
নিউজ ব্যুৰ’,নগাঁও,২৬জুলাই:–শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ উদ্যোগত যোৱা ১১ জুলাইৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত সাংস্কৃতিক কৰ্মশালাখনিৰ বুধবাৰে সফল সামৰণি পৰে । সামৰণি অনুষ্ঠান উপলক্ষে কামপুৰৰ শংকৰ সংঘৰ জিলা নামঘৰত অনুষ্ঠিত সাংস্কৃতিক কৰ্মশালাখনিৰ সামৰণি সভাত সভাপতিত্ব কৰে কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা