নগাঁৱৰ ম’হখুলি হাইস্কুলৰ নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্তক আদৰণী

নগাঁৱৰ ম’হখুলি হাইস্কুলৰ নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্তক আদৰণী

  নিউজ ব্যুৰ’,নগাঁও,৩১ মে’:– নগাঁও জিলাৰ ম’হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিজুমী মহন্তই প্ৰধান শিক্ষয়িত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে । কাহিলীপাৰাস্থিত শিক্ষা সঞ্চালক কাৰ্যালয়ৰ GB-EST/FP/11/2022/126 নম্বৰ নিৰ্দেশ মৰ্মে মিজুমী মহন্তই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰূপে বিদ্যালয়খনত যোগদান কৰাৰ লগে লগে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশ

নগাঁৱৰ জখলাবন্ধা ৰাঙলুত এল্ট’-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন নিহত-এজন আহত

নগাঁৱৰ জখলাবন্ধা ৰাঙলুত এল্ট’-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন নিহত-এজন আহত

  নিউজ ব্যুৰ’,নগাঁও,৩১মে’:-নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলুৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বুধবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে অান এজন আহত হয় । আৰক্ষীয়ে নিহত লোকজনক যোৰহাটৰ ৰাজীৱ বৰা বুলি চিনাক্ত কৰিছে । জানিব পৰা মতে এখন ট্ৰাক আৰু গুৱাহাটীৰ

১ জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব ASTC বাছ সেৱা।

১ জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব ASTC বাছ সেৱা।

১ জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব ASTC বাছ সেৱা। ASTCৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা। পৰিবহণ নিগমত কৰ্মৰত ৭৭১গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ বাবে কৰ্মবিৰতি ঘোষণা!

৪ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা।

৪ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা।

৪ জুনৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাওনা হ’ব ৬,৩০২ হজযাত্ৰী। দুখনকৈ বিমানেৰে গুৱাহাটীৰ পৰা মক্কালৈ যাব হজযাত্ৰীসকল। ২ জুনৰ পৰা আৰম্ভ হ’ব পঞ্জীয়নৰ ব্যৱস্থা। গুৱাহাটীৰ হাজি মোছাফীৰ খানাত কৰিব লাগিব পঞ্জীয়ন।

ভাৰতীয় মহিলা ভলীবল দলত নিৰ্বাচিত হৈছে অসমৰ প্ৰাৰ্থনা গগৈ

ভাৰতীয় মহিলা ভলীবল দলত নিৰ্বাচিত হৈছে অসমৰ প্ৰাৰ্থনা গগৈ

ভাল খবৰ। ১৬ অনূৰ্ধ্বৰ ভাৰতীয় মহিলা ভলীবল দলৰ শিবিৰলৈ নিৰ্বাচিত হৈছে অসমৰ প্ৰাৰ্থনা গগৈ। এই দলত স্থান পোৱা অসমৰ একমাত্ৰ খেলুৱৈ প্ৰাৰ্থনা।