🔷 ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে ফেৰী সেৱা 🔷 সোমবাৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল 🔷 জলপৃষ্ঠ হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব ফেৰী সেৱা
“এইবাৰ টাইম কাৰ্ড নহয় আৰক্ষীৰ এছক’ৰ্ট বাহনে কাজিৰঙাৰ ৰাজপথ পাৰ কৰাব ব্যক্তিগত বাহন। বানপানীৰ বাবেই কাজিৰঙাত সঘনাই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে জীৱ-জন্তু। নিৰ্দিষ্ট সংখ্যক বাহন একগোট কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে কলিয়াবৰৰ ৰাঙলুৰ পৰা কাজিৰঙাৰ কঁহৰালৈ ঠিক তেনেদৰে উজনিৰ দিশৰ পৰা অহা গাড়ী সমূহ পাৰ কৰোৱা হ’ব। ৰাষ্ট্ৰীয় ঘাই পথেৰে
নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–ইতিহাস হ’ল আই পি চি,চি আৰ পি চি আৰু আই ই আইন তিনিখন। নগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত নগাঁও আৰক্ষীয়ে নতুন অপৰাধ আইন সন্দৰ্ভত সোমবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰে। সভাত আজিৰ পৰা কাৰ্যকৰী হোৱা নতুন অপৰাধমূলক আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম-২০২৩ৰ বিষয়ে
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন মধ্য অসমৰ এখনি অগ্ৰণী জিলা হৈছে নগাঁও য’ত বছৰটোত অতি কমেও ডেৰ কুৰিখন নাট মঞ্চস্থ হয় । কেৱল চহৰ খনতে মাহটোত গড়ে প্ৰায় তিনিখনকৈ নাট উপভোগ কৰাৰ সুবিধা লাভ কৰে কলংপৰীয়া ৰাইজে। কি শীত কাল,কি গ্ৰীষ্ম কাল। নাট নিবেদনৰ খবৰভৰ্ত্তি প’ষ্টাৰেৰে ভৰি থাকে মধ্য
নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–ৰাজ্যৰ চুকে কোণে থকা মহিলাসকলক সামৰি লৈ,প্ৰতিটো অঞ্চলত ২০গৰাকী নিৰ্বাচিত মহিলাৰ কোষ গঠন কৰি সৱলীকৰণ,কষ্টসহিষ্ণুতা, আত্মনিৰ্ভৰশীল,পৰমুখী পৰিহাৰ কৰি ৰাজ্যখনক স্বনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে ২০২৩ চনৰ মাৰ্চ মাহত আৰম্ভ হৈছে “অসম প্ৰগতি ফাউণ্ডেশ্যন” শীৰ্ষক স্বেচ্ছাসেৱী সংগঠনৰ। এই “অসম প্ৰগতি ফাউণ্ডেশ্যন”ৰ ৰবিবাৰে এখন গুৰুত্বপূৰ্ণ সভা নগাঁও জিলাৰ বটদ্ৰৱাত অনুষ্ঠিত