দুমাহে কোনো সন্ধান ওলোৱা নাই নিৰুদ্দেশ হোৱা অনিমা ৰায়ৰ । ইয়াকেলৈ অঞ্চল জুৰি শোকৰ ছাঁ । ধুবুৰী জিলাৰ চৰাইখোলা গাঁওৰ ৰবীন্দ্ৰ নাথ ৰায়ৰ পত্নী আছিল অনিমা ৰায় । অনিমাৰ দুটা কণমানি ছোৱালী এৰি অনিমা কলৈ গল আজিও পৰিয়ালে নাপালে কোনো সন্ধান । কৰ্ম সুত্ৰে অনিমাৰ স্বামী ৰবীন্দ্ৰৰ মাতৃ পিতৃ কণমানি
-বোকাখাতৰ কুৰুৱাবাহীত অঘটন। -নিকৰিঘাটৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ। -বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। -যুৱকজন কুৰুৱাবাহী সত্ৰৰ হেম শইকীয়াৰ পুত্ৰ টুটুকন শইকীয়া। -ধনশিৰি নদীত সলিল সমাধি ঘটা বুলি সন্দেহ স্থানীয় ৰাইজৰ। -মাছমৰীয়াৰ জালত লাগি থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। পংখী সন্দিকৈক হত্যাৰ অভিযোগত স্বামী নিতিকেশক চাকৰিৰ পৰা বৰ্খাস্ত কৰি ফাঁচি দিয়াৰ দাবীত আজি শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়।শিৱসাগৰ নগৰত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত পালন কৰা এই কাৰ্যসূচীত জাতীয়, জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে অংশগ্ৰহন
ৰঙা লিপষ্টিক লগালে প্ৰত্যেকজনী নাৰীয়েই মোহময়ী হৈ উঠে৷ প্ৰায়সংখ্যক নাৰীৰ প্ৰথম পছন্দই ৰঙা লিপষ্টিক৷ বিভিন্ন নামী-দামী ব্ৰেণ্ডৰ বিজ্ঞাপনত অন্য ৰঙৰ সলনি ৰঙা লিপষ্টিককেই অগ্ৰাধিকাৰ দিয়া হয়৷ কিন্তু এই ৰঙা লিপষ্টিকেই আপুনি এতিয়াৰে পৰা লগাব নোৱাৰিব৷ উত্তৰ কোৰিয়াৰ কিম জং উনে সেই দেশত নিষিদ্ধ কৰিলে ৰঙা লিপষ্টিক৷ উত্তৰ কোৰিয়াত ফেশ্বন, ষ্টাইল
প্ৰকৃততে কি চলে বিউটি পাৰ্লাৰত? এক ভয়ংকৰ ঘটনা আহিছে পোহৰলৈ। প্ৰথমে নাবালিকাসমূহৰ পৰিয়ালবোৰক চাকৰি আৰু সুন্দৰ জীৱনৰ আশ্বাস দিয়ে। তাৰ পিছে ছোৱালীক আনি অনৈতিক ব্যৱসায়ত জড়িত কৰে। আৰক্ষীয়ে ৮জন চৰকাৰী বিষয়াকে ধৰি অনৈতিক ব্যৱসায়ৰ লগত জড়িত ২১জন লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে আৰক্ষীয়ে সৰবৰাহকাৰীৰ কবলৰ পৰা ৫গৰাকী নাবালিকাক উদ্ধাৰ কৰিছে। উদ্ধাৰ