চীনত সংঘটিত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশখনৰ দক্ষিণ প্ৰান্তৰ মানঝৌ চহৰৰ এটি গুৰুত্বপূৰ্ণ পথ বুধবাৰে পুৱতি নিশা অকাস্মাতে খহি পৰে। ফলত পথছোৱাৰ ওপৰতে থকা ভালেসংখ্যক বাহন বাগৰি পৰে। এই ঘটনাত অৰ্ধশতাধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰোপৰি উক্ত ঘটনাত প্ৰায় ৩৬গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা
নগাঁও জিলাৰ কচুৱা আৰক্ষীয়ে বৃহস্পতিবাৰে দুটা মোবাইল চোৰক আটক কৰে। এ এছ আই লক্ষ্যজ্যোতি গগৈৰ নেতৃত্বত কচুৱাৰ ২নং ফাকলি আৰু জুৰিৰপাৰৰ পৰা অভিযান চলাই আটক কৰে চোৰ দুটাক। আটকাধীন চোৰ দুটা ক্ৰমে ২ নং ফাকলিৰ আখতাৰুল হুছেইন (২০) আৰু জুৰিৰপাৰৰ ছামছুল হক। ধৃত চোৰ দুটাৰ পৰা ৯ টাকৈ চুৰি মোবাইল
২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ’ব? তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগে-পিছে এই পৰীক্ষাৰ ফলাফল ঘোষণা হব বুলি চৰ্চা চলি থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ জাননী। এই জাননীত অহা ৪মে’ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হব বুলি উল্লেখ কৰা হৈছে। কিন্তু সংসদৰ তৰফৰ পৰা স্পষ্ট
নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ বৰঘাট আৰক্ষী পহৰা চকীৰ অন্তৰ্গত নগাঁও বাইপাছ চ’কৰ সমীপত আজি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় । দুৰ্ঘটনাত নিহত বাইক আৰোহীদ্বয় হৈছে সুবিদ্ৰা দাস (২৭) আৰু আমিন আলি (৩২)। সুবিদ্ৰা দাসৰ ঘৰ গোঁসাইগাঁৱত আৰু আমিন আলিৰ ঘৰ ৰহাত। প্ৰাপ্ত বাতৰি মতে,নগাঁও চহৰৰ সমীপৰ উৰিয়াগাঁৱৰ
নিউজ ব্যুৰ’,নগাঁও,১মে’:–আজি ১মে’। সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে শ্ৰমিক দিৱস। শ্ৰমিক দিৱসটি কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । শ্ৰমিক দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সন্থাৰ সভাপতি চইদুৰ ৰহমানে। দুপৰীয়া কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই দিৱসৰ লগত সংগতি ৰাখি সদ্যঘোষিত উচ্চ