নেপালৰ পখৰাত সংযুক্ত ভাৰতীয় খেল ফেডাৰেচনে যোৱা ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত কৰা অষ্টম এছ বি কে এফ ইণ্টাৰনেচনেল গেমছ, ২০২৩-ত শিৱসাগৰৰ তিনিগৰাকী খেলুৱৈয়ে সৰ্বমুঠ ১১ টা সোণৰ পদক লাভ কৰি জিলাখনৰ লগতে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। জিলাখনৰ চিমৰণ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ ১৭ বছৰ অনুৰ্ধ্ব শাখাত
লক্ষ্ণৌ আৰু পুনেত অনুষ্ঠিত ৫২ সংখ্যক কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৰাষ্ট্ৰীয় সাঁতোৰ ক্ৰীড়া প্ৰতিযোগিতাত যোৰহাটৰ খেলুৱৈয়ে লাভ কৰিছে সাফল্য। যোৰহাট ছুইমিং ছ’চাইটিৰ পৰা পাঁচগৰাকী খেলুৱৈয়ে গুৱাহাটী মণ্ডলক প্ৰতিনিধিত্ব কৰি আটাইকেইগৰাকী খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰা খেলুৱৈ কেইজন ক্ৰমে নিবৃত্তি প্ৰিয়ম দত্তই ১০০ মিটাৰ ফ্ৰীষ্টাইলত
অভিনয়ৰ সমান্তৰালকৈ বিভিন্ন সময়ত বিভিন্ন বিষয় সন্দৰ্ভত কৰা স্পষ্ট মন্তব্যৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। পিছে এইবাৰ আন এক বিষয়ক লৈহে চৰ্চালৈ আহিছে কংগনাৰ নাম। হয়, এইবাৰ কংগনা চৰ্চালৈ অহাৰ কাৰণ হৈছে ৰাজনীতি। অভিনয়ৰ পিছত এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ সাজু হৈছে কংগনাই ৰাণাৱট। শেহতীয়া
মহানগৰীত পুনৰ হানী ট্রেপিং চক্র হাতোৰা ৷ বিজয়নগৰৰ এজন ব্যৱসায়ী যুৱকক প্ৰলোভিত কৰি হানী ট্রেপিং চক্রই লুটিলে ধন ৷ ব্লেকমেইল কৰি যুৱকজনৰ পৰা লুট কৰি নিয়া হ’ল ৩ লাখ ৭১ হাজাৰ টকা ৷ উল্লেখ্য যে, এগৰাকী ছলনাময়ী যুৱতীয়ে প্ৰলোভিত কৰি জালত পেলাইছিল বিজয়নগৰৰ ব্যৱসায়ী যুৱক জনক ৷ ইতিমধ্যে হানী ট্ৰেপিঙৰ
এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে বিটি আৰৰ ওদালগুৰিৰ মেধিপাৰাত ৷ কাঠ কটা মেচিনেৰে নৃশংসভাৱে এটি ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই লোমহৰ্ষক হত্যাৰ প্ৰত্যক্ষদৰ্শী এটি কণমানি কিশোৰীয়ে সমস্ত ঘটনা বিৱৰণ দাঙি ধৰিছে ৷ যি কথা শুনিলে আপুনিও কপি উঠিব । এই ঘটনাৰ স্থান ওদালগুৰি