মহানগৰীৰ পাঞ্জাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ পাঞ্জাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

দীপাৱলীৰ আনন্দ উছাহৰ মাজতে সোমবাৰে নিশা মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। প্ৰশাসনৰ নিয়ম উলংঘা কৰি মাজনিশালৈ ফুটাইছিল আতচবাজী ৷ এই আতচবাজীৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ডৰ সন্দেহ স্থানীয়লোকৰ ৷

পাঞ্জাবাৰীস্থিত গংগা শান্তি এপাৰ্টমেণ্টত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত জুইত ভষ্মীভূত হৈছে এপাৰ্টমেণ্টটোৰ এটা ফ্লেটৰ সকলো সামগ্রী।

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে নিশা এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাত আয়োজন হৈছিল সুৰাৰ পাৰ্টি। সেই সুৰাৰ পাৰ্টিৰ মাজতে ফুটোৱা হৈছিল ফটকা ৷ ফটকা ফুটোৱা বাবেই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ফ্লেটটোত ৷ এই কথা সদৰি কৰে ফ্লেটটোৰ গৰাকীয়ে।

উল্লেখ্য যে, বিগত পাঁচদিন ধৰি ফ্লেটটোত নাছিল কোনো লোক ৷ আনহাতে বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় এক কোটি টকাৰ সা- সামগ্ৰী জুইত জাঁহ যোৱা বুলি মন্তব্য কৰে ফ্লেটটোৰ গৰাকী দেৱৰাজ ভাগৱতীয়ে ৷

আনহাতে ভয়ংকৰ অগ্নিকাণ্ডৰ পাছত ঘটনাস্থলীত উপস্থিত হোবা কে’বা খনো অগ্নিনিৰ্বাপক বাহিনীয়ে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

মনকৰিবলগীয়া যে ফ্লেটটোৰ গৰাকী দেৱৰাজ ভাগৱতীয়ে এপাৰ্টমেণ্টটোৰ বিল্ডাৰ মাধৱ শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিছে দিছপুৰ থানাত ৷ একেদৰে ভাগৱতীয়ে বিল্ডাৰ শৰ্মাৰ পুত্ৰৰ বিৰুদ্ধেও কেতবোৰ অভিযোগ উদ্থাপন কৰিছে এজহাৰত ৷

Shahnawaz Hamza

Related